মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ তোলপাৰ ৰাজ্য৷
ইয়াৰ মাজতে শনিবাৰে পুনৰ ভূগোলৰ প্ৰশ্নকাকত ফাদিলৰ খবৰে সৃষ্টি কৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
কিন্তু ভূগোলৰ প্ৰশ্নকাকত ফাদিলৰ তথ্যক ভুৱা আখ্যা ছেবাৰ।
২০২১ বৰ্ষৰ প্ৰশ্নকাকত কোনো দুষ্কৃতিকাৰীয়ে সামাজিক মাধ্যমত পুনৰ প্ৰচাৰ কৰিছিল বুলি প্ৰকাশ ছেবাৰ৷
ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই কয়- শেহতীয়া বিসংগতিৰ সুযোগ গ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ মনোবল ভাঙি দিয়াৰ লক্ষ্য৷
এই বাতৰি সকলো সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাছত মুখ খুলিলে ছেবাই।
ইপিনে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষা মন্ত্ৰী ৰণোজ পেগুই।
তেওঁ কয়- ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভূগোলৰ প্ৰশ্নকাকতখন ভুৱা।
ঘটনা সন্দৰ্ভত থানাত গোচৰ ৰুজু কৰিবলৈ ছেবা কৰ্তৃপক্ষক নিৰ্দেশ দিলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।