অসম
ভুৱা এনকাউণ্টাৰ কৰা দুই আৰক্ষী বিষয়াক শাস্তি মানৱ অধিকাৰ আয়োগৰ, ভৰিব লাগিব ৭ লাখ টকাৰ জৰিমনা

ভুৱা এনকাউণ্টাৰ কৰা দুই আৰক্ষী বিষয়াক জৰিমনা৷
অভিজিৎ কাকতি আৰু অচ্যুৎ দত্তক ৭ লাখ টকাৰ জৰিমনা৷
অভিজিৎ কাকতি খাৰুপেটীয়া থানাৰ OC আৰু অচ্যুৎ দত্ত খাৰুপেটীয়া থানাৰ SI ৷
মানৱ অধিকাৰ আয়োগে শাস্তিৰ নিৰ্দেশ দিছে দুই বিষয়াক৷
বিষয়াদ্বয়ক ৭ লাখ টকা জৰিমনা বিহিছে আয়োগে৷
মহম্মদ আছা বাবু নামৰ এজনক গুলীয়াই হত্যা কৰিছিল৷
উল্লেখ্য যে, দৰঙৰ ধনশিৰি ঘাটত আৰক্ষীক গুলীয়াই পলায়নৰ চেষ্টা কৰিছিল৷ আৰক্ষীক গুলীয়াই পলাবলৈ লওঁতে আৰক্ষীৰ গুলীত মৃত্যু হয় আছা বাবুৰ৷
ইয়াৰ পাছতে আছা বাবুৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত মানৱ অধিকাৰ আয়োগে গোচৰ ৰুজু কৰে৷
সেই গোচৰৰ তদন্তৰ ভিত্তিত দুই বিষয়াক শাস্তিৰ নিৰ্দেশ প্ৰদান কৰে মানৱ অধিকাৰ আয়োগে।