অসম

ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰি আৰক্ষীৰ জালত তিনি যুৱক…

ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰি আৰক্ষীৰ জালত তিনি যুৱক।

বৰপেটাৰ তিনি যুৱক পৰিছে আৰক্ষীৰ জালত।

তিনি যুৱক ক্ৰমে- চেঙাৰ ধনজিৎ বৈশ্য, শুক মানাহৰ ৰেজাউল হক আৰু বৰপেটা চহৰৰ শান্তি নগৰৰ ধ্ৰুৱজ্যোতি তালুকদাৰ।

ধৃত তিনিওজন যুৱক আয়ুষ্মান কাৰ্ড প্ৰস্তুতৰ লগত জড়িত এটা ঠিকাদাৰী প্ৰতিষ্ঠান অধীনৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

বৰপেটাৰ জিলা স্বাস্থ্য বিষয়া দেৱাশ্ৰী বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওজনকে।

অভিযোগ অনুসৰি, ২০১১ চনৰ লোকপিয়লত নাম সন্নিৱিষ্ট নথকা কেইবাজনো লোকক ধৃত তিনি যুৱকে জালিয়াতিৰে আয়ুষ্মান কাৰ্ড যোগান ধৰিছিল।

ধৃত তিনি যুৱকৰ পৰা ৭ খন ভুৱা আয়ুষ্মান কাৰ্ড আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Back to top button