নিউজ ডেস্কঃ ভুৱা আধাৰ আৰু পান কাৰ্ডৰে ভাৰতত বাস কৰি অহা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ।
চোৰাংচোৱাৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাই উত্তৰ প্ৰদেশৰ তাজগঞ্জ থানা এলেকাৰ পৰা উত্তৰ প্ৰদেশ এটিএছে গ্ৰেপ্তাৰ কৰে অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিক কেইজনক।
দুগৰাকী মহিলাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিক কেইজনৰ এজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন বাংলাদেশৰ পাছপ’ৰ্ট।
উল্লেখ্য যে, তাজগঞ্জ থানা এলেকাৰ ১৪নং খণ্ডৰ হাউছিং ডেভেলপমেণ্ট কলনীৰ খেলপথাৰত অবৈধ বসতি স্থাপন কৰি আহিছিল এই বাংলাদেশী নাগৰিক কেইজনে।
ধৃত বাংলাদেশী নাগৰিক কেইজনক বাংলাদেশৰ জাউছৰ বাসিন্দা ইব্ৰাহিম শ্বেইখ আৰু খুলনা জিলাৰ বাসিন্দা আজিজুৰ গাজী, পত্নী জন্নত আৰা, ৰাজু শ্বেইখ আৰু পত্নী মুক্তা শ্বেইখ বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে অভিযুক্ত বাংলাদেশী নাগৰিক কেইজনৰ পৰা ভুৱা আধাৰ কাৰ্ড, পান কাৰ্ড, কোভিড ভেকচিন চাৰ্টিফিকেট আদি নথি উদ্ধাৰ কৰিছে।
আনহাতে আৰক্ষীয়ে আজিজুৰ গাজীৰ পৰা ২০২২ চনৰ এখন বাংলাদেশী পাছপ’ৰ্টও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
ধৃত অনুপ্ৰৱেশকাৰী কেইজনে স্বীকাৰ কৰা মতে, আজিজুৰ গাজীৰ পত্নী জন্নত আৰাই তেওঁলোকক ভাৰতত অবৈধ অনুপ্ৰৱেশত সহায় কৰিছিল।
তাজগঞ্জ থানা এলেকাত বসতি স্থাপন কৰি এই বাংলাদেশী নাগৰিক কেইজনে লোহা-টিং বুটলাৰ কাম কৰিছিল।
উল্লেখ্য যে, পূৰ্বে চিকন্দ্ৰা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই শিশুসহ ৩২ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল।
আৰক্ষীয়ে সদৰী কৰা মতে, শুকুৰবাৰে আগ্ৰা জিলা কাৰাগাৰাত কাৰাবন্দী হৈ থকা বাংলাদেশী নাগৰিক কেইজনক সাক্ষাৎ কৰিবলৈ গৈছিল জন্নত আৰাসহ কেইবাজনো বাংলাদেশীয়ে।