ভুৱা আধাৰ কাৰ্ড লৈ প্ৰৱেশ ভাৰতত! ৰে’ল ষ্টেছনত গ্ৰেপ্তাৰ ১০ ৰোহিংগীয়া আৰু ২জন বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী…

নিউজ ডেস্কঃ অবৈধ নাগৰিকৰ অনুপ্ৰৱেশে উত্তৰ-পূবৰ বাবে সৃষ্টি কৰি আহিছে এক বৃহৎ সমস্যাৰ।

তেনে সময়তে এইবাৰ আগৰতলাত গ্ৰেপ্তাৰ হ’ল ১২ জনকৈ অবৈধ অনুপ্ৰৱেশকাৰী।

আগৰতলা ৰে’ল ষ্টেছনত জিআৰপিৰ অভিযানত গ্ৰেপ্তাৰ হয় ১০ জন ৰোহিংগীয়া আৰু দুজন বাংলাদেশী অনুপ্ৰৱেশকাৰী।

জিআৰপিৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, অবৈধ অনুপ্ৰৱেশকাৰী কেইজনে ভুৱা আধাৰ কাৰ্ড লৈ ভাৰতত প্ৰৱেশ কৰিছিল।

অনুপ্ৰৱেশকাৰী কেইজনে কলকতা অভিমুখে কাঞ্চনজংঘা এক্সপ্ৰেছত উঠাৰ সময়তে আগৰতলা ৰে’ল ষ্টেছনত জিআৰপিয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ৰোহিংগীয়া আৰু বাংলাদেশী নাগৰিক কেইজনে কলকতা হৈ জম্মুলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি জিআৰপিয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিতে জিআৰপিয়ে আগৰতলা ৰে’ল ষ্টেছনত ৩টা শিশুসহ ১৬ জন অবৈধক অনুপ্ৰৱেশকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল।

ইফালে আৰক্ষীয়ে সেই সময়তে অবৈধ অনুপ্ৰৱেশকাৰীক ভুৱা আধাৰ কাৰ্ড যোগান ধৰা অভিজিত দেৱ নামৰ এজন মধ্যস্থতাকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।