ভুৱা আছিল নেকি বজালীৰ চাহ বিক্ৰেতা ৰাহুল দাসৰ বাতৰি? অনুসন্ধানত পোহৰলৈ আহিছে একাধিক বিস্ফোৰক তথ্য

নিউজ ডেস্ক। কিছুদিন পূৰ্বে অসমৰ লগতে সমগ্ৰ দেশজুৰি চৰ্চিত হৈছিল বজালী জিলাৰ পাটাছাৰকুছিৰ এজন চাহ বিক্ৰেতা যুৱক।

প্ৰথম প্ৰচেষ্টাতে NEET পৰীক্ষাত উত্তীৰ্ণ হৈ দিল্লীৰ এইমছত চিকিৎসা বিজ্ঞান অধ্যয়নৰ সুযোগ লাভ কৰা ৰাহুল দাস নামৰ সাধাৰণ চাহ বিক্ৰেতাজনৰ কষ্ট আৰু অধ্যাৱসায়ে প্ৰভাৱিত কৰিছিল সকলোকে।

অসমৰ বাহিৰেও প্ৰায়কেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিৰ শিৰোনাম দখল কৰিছিল ৰাহুল দাসে।

G7 9
ভুৱা আছিল নেকি বজালীৰ চাহ বিক্ৰেতা ৰাহুল দাসৰ বাতৰি? অনুসন্ধানত পোহৰলৈ আহিছে একাধিক বিস্ফোৰক তথ্য 5

ৰাহুল দাসৰ মাতৃ সাধাৰণ চাহ বিক্ৰেতা। ৰাহুলে নিজেও মাতৃৰ সৈতে সৰু ঘুমটী এটাত চাহ বিক্ৰী কৰি তাৰ মাজতে সময় উলিয়াই অৱতীৰ্ণ হৈছিল NEET পৰীক্ষাত। আৰু তাত তেওঁ সফলতা লাভ কৰাৰ খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেধাৱী যুৱকজনৰ পঢ়াৰ সমস্ত খৰছ বহনৰ দায়িত্ব লৈছিল।

আনকি মন্ত্ৰী ৰঞ্জিত দাসে নিজেই তেওঁৰ ঘৰত উপস্থিত হৈ মাতৃৰ হাতত তুলি দিছিল ১০ হাজাৰ টকাৰ চেক।

এই সকলোবোৰ খবৰ সংবাদ মাধ্যমযোগে সম্প্ৰচাৰিত হোৱাৰ পিছতে গৰ্বত বুকু উফন্দি উঠিছিল প্ৰতিজন অসমীয়াৰ।

দৰিদ্ৰতাৰ সকলো বাধা অতিক্ৰম কৰি ৰাহুল দাসে লক্ষ্যপ্ৰাপ্তিৰ যি বাট দেখুৱাই দিছিলে, সিয়ে আন বহুতৰে মনত যোগাইছিল অনুপ্ৰেৰণা।

P10

কিন্তু এতিয়া ৰাহুল দাসক লৈ যি তথ্য পোহৰলৈ আহিছে, সেয়া শুনিলে হয়তো আপুনিও খঙত ফোপাই উঠিব।

ৰাহুলৰ সফলতাত গৰ্বত উফন্দি উঠা আপোনাৰ বুকুৰ একোণত অনুভৱ কৰিব বিশ্বাসঘাতৰ এক প্ৰচণ্ড বিষ! কাৰণ- তথ্য অনুসৰি, ৰাহুলে লাভ কৰা সেই সফলতা আছিল সম্পূৰ্ণ ভুৱা।

শেহতীয়াকৈ স্থানীয় এগৰাকী সংবাদ কৰ্মীয়ে চলোৱা অনুসন্ধানত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য।

NEET পৰীক্ষাত উত্তীৰ্ণ হৈ এইমছত এমবিবিএছ শিক্ষাৰ সুযোগ লাভ কৰাৰ বাতৰি সম্প্ৰচাৰৰে সকলোৰে পৰা বাহ বাহ লোৱা পাটাছাৰকুছিৰ চাহ বিক্ৰেতা মাতৃৰ পুত্ৰ ৰাহুল দাসে প্ৰদৰ্শন কৰা এডমিট আচলতে ভুৱা আছিল বুলি প্ৰকাশ পাইছে শেহতীয়া অনুসন্ধানত।

P11

ৰাহুল দাসৰ এডমিট কাৰ্ড,প্ৰৱেশ পত্ৰৰ ৰোল নম্বৰ আৰু জন্মৰ তাৰিখৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য। তথ্য অনুসৰি, ৰাহুলৰ এডমিট কাৰ্ডত থকা ৰোল নম্বৰটো হৈছে ২৩০৩০০১১১৪। কিন্তু আশ্বৰ্যজনক কথাটো হ’ল এই ৰোল নম্বৰটো প্ৰকৃততে ৰাহুলৰ নহয়েই।

এয়া হৈছে হাৰিয়ানাৰ কিৰণজিৎ কৌৰ নামৰ এগৰাকী যুৱতীৰ ৰোল নম্বৰ, যিয়ে সৰ্বভাৰতীয় ৰেংকিঙত ১১৬৫৬ স্থান লাভ কৰিছে।

এনে পৰিপ্ৰেক্ষিতত ৰাহুল দাসে এখন সম্পাদিত এডমিট কাৰ্ডৰ সহায়ত অসম চৰকাৰ আৰু জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় কেইবাজনো ব্যক্তিয়েও। পাটাছাৰকুছিৰ স্থানীয় নিৱাসী দৰ্পন ওলেমান নামৰ ব্যক্তিজনে কয়, ‘আমি তেওঁক দীৰ্ঘদিন ধৰি চিনি পাওঁ। তেওঁ প্ৰায়ে নিজৰ পৃথিৱীত ব্যস্ত থাকে। আমি তেওঁৰ সৈতে যোগাযোগ কৰিব বিচাৰিছিলো, কিন্তু তেওঁ আমাক সঁহাৰি দিয়া নাছিল।

যেতিয়া আমি তেওঁৰ মাৰ্কশ্বীট পৰীক্ষা কৰাৰ সিদ্ধান্ত লওঁ, তেতিয়া পৰীক্ষাৰ ফলাফল আৰু মাৰ্কশ্বীটৰ মাজত অনেক বিসংগতি ধৰা পৰে। তাৰ পিছত আমি জানিব পাৰো যে তেওঁৰ ওচৰত থকা এডমিট কাৰ্ডখন দৰাচলতে এডিটেড এডমিট কাৰ্ড।’

G5-1

অঞ্চলটোৰ আন এজন স্থানীয় বাসিন্দা পংকজ শৰ্মাই কয়, “এয়া সমগ্ৰ অঞ্চলৰ বাবে এক লজ্জাজনক ঘটনা। তেওঁ মানুহ আৰু সংবাদ মাধ্যমক কিয় বিপথে পৰিচালিত কৰিছিল? এইটো এটা ডাঙৰ প্ৰশ্ন।”

শৰ্মাই লগতে কয়, “হয়, তেওঁ এটি দৰিদ্ৰ পৰিয়ালৰ এজন মেধাৱী শিক্ষাৰ্থী। কিন্তু আমি যেতিয়া তেওঁৰ আবেদন নম্বৰ আৰু জন্মৰ তাৰিখ NEETৰ অফিচিয়েল ৱেবচাইটত (https://ntaresults.nic.in/resultservices/NEET-2021-auth) পৰীক্ষা কৰো, তেতিয়া ইনভেলিড এপলিকেশ্যন নম্বৰ/ জন্ম তাৰিখ বুলি প্ৰদৰ্শন কৰে।

ইফালে শশাংক তালুকদাৰ নামৰ এগৰাকী স্থানীয় সাংবাদিকে বিষয়টোৰ গভীৰভাৱে অনুসন্ধান চলোৱাত প্ৰকাশ পায় যে ৰাহুল দাসৰ সৰ্বভাৰতীয় ৰেংকি দৰাচলতে ৯,২৯,৮৮১। তেওঁ মুঠ ৭২০ নম্বৰৰ ভিতৰত লাভ কৰিছে ১০৬ নম্বৰ।

অৱশ্যে সঠিক তথ্য-প্ৰমাণৰ অবিহনেই ৰাহুল দাসক লৈ বাতৰি পৰিৱেশন কৰা একাংশ সংবাদ মাধ্যমকো জগৰীয়া কৰিছে স্থানীয় লোকে। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ এক উচিত তদন্তৰ দাবী জনাইছে অনেকেই।

Leave a Comment