fbpx
অসমীয়াঅসম

ভুল স্বীকাৰ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই! ক’লে- এনে ভুল হ’ব নালাগিছিল…

নিউজ ডেস্কঃ চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি!

অসমীয়াৰ এই কথাষাৰে এতিয়া হায়ৈ বিয়ৈ লগাইছে চৰকাৰত।

শাসকীয় চৰকাৰৰ দিনত দুৰ্নীতি, কেলেংকাৰী বা বিসংগতিৰ কোনো সুৰুঙা নাই বুলি দাবী কৰি অহা নেতা-মন্ত্ৰীসকলেই এতিয়া কেমেৰাৰ সন্মুখত মানি ল’বলগীয়া হৈছে নিজৰ ভুল।

বিষয়- মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল।

কটকটীয়া নিৰাপত্তাৰ মাজতো এটা সাধাৰণ পৰীক্ষা অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱা এই চৰকাৰখনৰ দিনতে দেওবাৰে নিশা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত।

ইয়াৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন দল-সংগঠনে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ পদত্যাগ দাবী কৰে।

কিন্তু কথা কেৱল এয়াই নহয়।

পূৰ্বৰ চৰকাৰৰ ওপৰত দোষ জাপি দি শান্তি পোৱা এইখন চৰকাৰৰ নেতা-মন্ত্ৰীয়ে এতিয়া নিজৰ ভুল ঢাকিবলৈ প্ৰয়াস কৰিও যে অপৰাগ সেই কথাও স্পষ্ট হৈ পৰিছে।

তাৰ মাজতে অৱশ্যে চক্ৰ গগৈৰ দৰে শাসকীয় দলৰ অখ্যাত বিধায়কে ‘প্ৰশ্নকাকত হে ফাদিল হৈছে, দেশ উলটি যোৱা নাই’ বুলি মন্তব্য কৰিলেও কথাচহকী নেতা-মন্ত্ৰী-বিধায়কসকলৰ মুখৰ মাত হৰিছে।

সেয়ে অনিচ্ছা সত্বেও নিজৰ ভুল মানি ল’বলৈ বাধ্য হৈছে পীযুষ হাজৰিকাৰ দৰে বহুবল্কী মন্ত্ৰীয়েও।

অৱশ্যে আওপ্ৰকাৰে এয়া চৰকাৰক বদনাম কৰাৰ ষড়যন্ত্ৰ বুলি কৈ গা এৰাৰ প্ৰয়াস নকৰাও নহয়।

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত মন্ত্ৰীজনে কয়, ‘এয়া অতি গৰিহণা যোগ্য, যিয়ে এই কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব।’

ছাত্র-ছাত্রীক এই অৱস্থা যিয়ে কৰিছে তাৰ পাপ লাগিব বুলিও কয় মন্ত্ৰী গৰাকীয়ে। লগতে কয় যে, সকলো বিষয়ৰে তদন্ত হ’ব, আমি বিষয়টো গুৰুত্ব সহকাৰে লৈছো। চৰকাৰক বদনাম কৰিবলৈও এনে কাম কৰে।

দুষ্ট চক্র জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে হাজৰিকাই। দোষ মানি লৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই ঘটনাৰ বাবে আমি দুখী আৰু আমি আমাৰ দোষ মানি লৈছো। এনে ভুল হ’ব নালাগিছিল।

Related Articles

Back to top button