fbpx
অসম

ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মহিলাৰ, ভুৱা চিকিৎসক ইব্ৰাহিম আলীক গ্ৰেপ্তাৰ…

ভুল চিকিৎসাৰ বলি হৈ মৃত্যু গৰ্ভপাত কৰিবলৈ যোৱা মহিলাৰ।

ভুৱা চিকিৎসক ইব্ৰাহিম আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ।

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তর্গত তামুলদীত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা।

জানিব পৰা মতে, বকো আৰক্ষী থানাৰ অন্তৰ্গত তামুলদী গাঁও নিৱাসী গুলাম আলীৰ পুত্ৰ ইব্রাহিম আলী ১০৮ এম্বুলেঞ্চৰ জৰুৰীকালীন সেৱাত কৰ্মৰত এগৰাকী কৰ্মী।

গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ এম্বুলেন্সৰ জৰুৰীকালীন সেৱাত কৰ্মৰত হোৱা হেতু ইব্রাহিম আলীয়ে বিভন্ন চিকিৎসক আৰু আশাকর্মীসকলক মেনেজ কৰি নিজ ঘৰখনকে অবৈধ নাৰ্ছিং হোম হিচাপে গঢ়ি তুলি দীৰ্ঘদিনৰ পৰাই চলাই গৈছিল অবৈধ গর্ভপাত কৰোৱাৰ চিকিৎসা।

দীৰ্ঘদিনৰ পৰাই ধুৰন্ধৰ মুন্নভাই ৰূপী চিকিৎসক ইব্রাহিম আলীয়ে নিজ ঘৰতে অবৈধ গর্ভপাতৰ ব্যৱসায় চলাই অহাত স্থানীয় ৰাইজে প্রতিবাদ কৰিছিল যদিও ধনবল আৰু বাহুবল দেখুৱাই নির্বিঘ্নে চলাই আহিছিল এই ব্যৱসায়।

শেহতীয়াকৈ ইব্রাহিম আলীৰ অবৈধ গর্ভপাতৰ কাৰখানাত এগৰাকী মহিলাৰ মৃত্যু হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ছয়গাঁও সমষ্টিৰ অন্তৰ্গত তথা শুৱালকুছি নদী আৰক্ষী থানাৰ এলেকাধীন মাগুৱাবিল পথাৰ গাঁও নিবাসী ওমেদ আলীৰ পাঁচমহীয়া গৰ্ভৱতী পত্নী জামিন নেছাক (৩০) পৰিয়ালৰ লোকে গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ আহে।

ইফালে গৰ্ভৱতী জামিন নেছাক পৰিয়ালৰ লোকে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত লৈ যোৱাৰ সময়তে গৰৈমাৰী বজাৰত স্বাস্থ্যকেন্দ্ৰটোত কৰ্মৰত আশাকর্মী মুনিয়াৰা বেগমৰ মহিলাগৰাকীৰ সৈতে চিকিৎসা সন্দৰ্ভত আলোচনা কৰে।

আশাকর্মী মুনিয়াৰা বেগমে গৰ্ভৱতী মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ পৰিৱৰ্তে মুন্নাভাই ৰূপী চিকিৎসক ইব্রাহিম আলীৰ ঘৰলৈ লৈ যায়।

আশাকর্মী আৰু ভণ্ড চিকিৎসক ইব্রাহিম আলীয়ে মহিলাগৰাকীৰ গৰ্ভপাত কৰাবলৈ দহ হাজাৰ টকা দাবী কৰে যদিও মহিলাগৰাকীৰ পৰিয়ালে নগদ সাত হাজাৰ টকা আদায় দিয়াত ইব্রাহিম আলীয়ে গৰ্ভপাত কৰাবলৈ মান্তি হয়।

ইয়াৰ পিছতে ইব্রাহিম আলীয়ে নিশাই পাঁচমহীয়া গৰ্ভৱতী মহিলাগৰাকীৰ গৰ্ভপাত কৰায় যদিও অতিপাত ৰক্তক্ষৰণ হোৱাত জামিৰণ নেছাই মৃত্যুক আঁকোৱালি লয়।

ইফালে গৰ্ভপাত কৰাবলৈ যোৱা দুৰ্ভগীয়া জামিন নেছাৰ মৃত্যু হোৱাত মৃতদেহটো ঘৰৰ বাৰাণ্ডাত উলিয়াই ঘৰৰ তলা মাৰি ধুৰন্ধৰ চিকিৎসক ইব্রাহিম আলীয়ে নিজৰ পৰিয়ালসহ পলায়ন কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই মুন্নাভাই ৰূপি ইব্ৰাহিম আলীক গ্ৰেপ্তাৰ কৰিছে। লগতে আৰক্ষীয়ে আশাকৰ্মী মুন্নীয়াৰা বেগমকো গ্ৰেপ্তাৰ কৰিছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!