fbpx
অসমীয়াঅসম

ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মহিলাৰ! অৱশেষত আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক তথা ভূ-মাফিয়া নৰেন সাউদ…

নিউজ ডেস্কঃ অনুজ্ঞাপত্ৰ অবিহনেই ৰোগীৰ চিকিৎসা কৰি জীৱনৰ সৈতে হেতালি খেলা এজন ভুৱা চিকিৎসক তথা ভূ-মাফিয়া অৱশেষত পৰিল আৰক্ষীৰ জালত।

সোমবাৰে পলাশবাৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই কামৰূপৰ বিজয়নগৰৰ পৰা আটক কৰে ভুৱা চিকিৎসক নৰেন সাউদক।

জানিব পৰা মতে, অবৈধ মাটিৰ দালালীৰ লগতো জড়িত এইজন ভুৱা চিকিৎসকে অনুজ্ঞাপত্ৰ অবিহনেই চলাই আহিছিল চেম্বাৰ।

ভুৱা চিকিৎসকজনৰ ভুল চিকিৎসাৰ বলি হৈয়েই ২০২১ চনত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এগৰাকী মহিলাই।

তাৰ পিছতে নৰেন সাউদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল মহিলাগৰাকীৰ পৰিয়ালে।

ইফালে এই ঘটনাৰ পিছতে অভিযুক্ত ভুৱা চিকিৎসকজন পলাতক হৈ থকা বুলিও অভিযোগ উত্থাপন হয়।

কিন্তু পলাশবাৰী আৰক্ষীয়ে অভিযান চলাই অৱশেষত সোমবাৰে আটক কৰিবলৈ সক্ষম হয় ভুৱা চিকিৎসক তথা ভূ-মাফিয়া নৰেন সাউদক।

Related Articles

Back to top button