ভুল কাৰ? সামাজিক মাধ্যমত ভাইৰেল এটা ভংয়কৰ দুৰ্ঘটনাৰ ভিডিঅ’…

নিউজ ডেস্কঃ সামাজিক মাধ্যমত ভাইৰেল এটা লোমহৰ্ষক দুৰ্ঘটনাৰ ভিডিঅ’। এই দুৰ্ঘটনা দেখিলে গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰো। চিচি টিভি কেমেৰাত বন্দী দুৰ্ঘটনাৰ দৃশ্য ইতিমধ্যে দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

দৰাচলতে এই দুৰ্ঘটনা সংঘটিত হৈছে এটা অমতা জীৱ আৰু মানুহৰ মাজত। ভুল কাৰ সেই বিষয়েও বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু এটা ম’হ আৰু এজন বাইক আৰোহীৰ মাজত সংঘটিত এই দুৰ্ঘটনাত বহুদূৰলৈকে চিটিকি পৰে বাইক আৰোহীজন।

এই ঘটনা হাৰিয়ানাৰ পানীপটত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। চিচিটিভি কেমেৰাৰ ভাইৰেল ভিডিঅ’ত দেখিবলৈ পোৱা মতে, এটা মফচলীয়া এলেকাৰ পথেৰে গৈ আছে এটা গোণা ম’হ। ম’হটোৰ পিছে পিছে গৈ আছে এগৰাকী মহিলাও। হয়তো এই ম’হটোৰ গৰাকী পিছে পিছে গৈ থকা মহিলাগৰাকী।

এনেতে বিপৰীত দিশৰ পৰা বাইকেৰে আহে এজন যুৱক। দ্ৰুতবেগত অহা বাইক আৰোহীজনে ঠিক ম’হটোৰ কাষ পোৱাৰ সময়তে হঠাৎ ম’হটোৱে ঘূৰি দিয়াত বাইকৰ সৈতে খুন্দা লাগে। যাৰ ফলত পথৰ ওপৰত বহু দূৰলৈকে চিটিকি পৰে বাইকসহ যুৱকজন। দুৰ্ঘটনাত বাইক আৰোহী যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

অৱশ্যেই অন্য জীৱ-জন্তুৰ দৰে সেই সময়ত বাইক আৰোহীক আক্ৰমণ কৰা নাছিল পথটোৰে গুৰু গম্ভীৰভাৱে গৈ থকা ম’হটোৱে। ম’হটোৱে হঠাৎ কোনো কাৰণত ঘূৰি দিয়াত পথৰ আধাতকৈও অধিক অংশ দখল কৰি পেলাইছিল। যাৰ ফলত দ্ৰুতবেগত অহা বাইক আৰোহীয়ে কিবা তলকিব পৰাৰ পূৰ্বেই ম’হটোক খুন্দা মাৰে আৰু পথৰ ওপৰত উফৰি পৰে।

সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বহুতে বাইক আৰোহীজনক দোষাৰোপ কৰিছে। বহুতেই আকৌ অমতা ম’হটোৰ ভুল বুলি কৈছে এই দুৰ্ঘটনা। আনহাতে একাংশই এই দুৰ্ঘটনাৰ বাবে দোষাৰোপ কৰিছে ম’হটোৰ পিছে পিছে গৈ থকা মহিলাগৰাকীক।

সম্ভৱতঃ মহিলাগৰাকীয়ে (ম’হটোৰ গৰাকীও হ’ব পাৰে) ম’হটোক আকস্মিকভাৱে খেদি দিয়াত ম’হটোৱে ভয় খাই হঠাৎ ঘূৰি দিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হ’ল বুলিও কোনো কোনোৱে মত প্ৰকাশ কৰিছে।