অসম

ভুপেন বৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে ৩.৫লাখ ভোটত হৰুৱামঃ পীযুষ হাজৰিকা

ৰাষ্ট্রীয় মৎস্য দিৱস সন্দৰ্ভত মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য।

তেওঁ কয়- ‘বানত ক্ষতিগ্ৰস্ত হোৱা মৎস্যজীৱীসকলক উচিত ক্ষতিপূৰণ দিয়া হ’ব। বানৰ সময়ত আগতে কোনো চৰকাৰে ক্ষতিগ্ৰস্ত মৎস্যজীৱিসকলক সহায় কৰা নাই৷’

ইপিনে APCCৰ সভাপতি ভূপেন বৰাৰ প্রসংগতো মন্ত্রীগৰাকীয়ে কৰে গুৰুত্বপূৰ্ণ মন্তব্য।

ভূপেন বৰা সন্দৰ্ভত তেওঁ কয়- ভূপেন বৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে ৩.৫০ লাখ ভোটত হৰুৱাম। আচলতে ভূপেন বৰাৰ প্ৰসংগই আহিব নালাগে৷ নিৰ্বাচনত হাৰি হাৰি অপ্ৰাসংগিক হৈ পৰিছে। নিৰ্বাচনত হাৰি হাৰি আমাৰ লগত কথা কোৱাৰ নৈতিকতা হেৰুৱাই পেলাইছে।

আনহাতে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

তেওঁ কয়-আজমল আৰু কংগ্ৰেছৰ কথা ধৰিব নোৱাৰি। প্রয়োজনত তেওঁলোকে ভৰিত ধৰে। ভূপেন বৰা–আজমলৰ মিতিৰালি ছোনিয়া-ৰাহুলৰ ওপৰত নিৰ্ভৰ কৰে৷

ভূপেন বৰাৰ কথা বিশ্বাস কৰিব নোৱাৰি৷ লোকসভা, বিধানসভাৰ সময় আহিলেই তেওঁলোকে ভৰিত ধৰে।’- পীযুষ হাজৰিকা।

Related Articles

Back to top button