নিউজ ডেস্ক। বৰ্তমান অসমত আৰম্ভ কৰা হৈছে ভিষ্টাডম ৰে’লসেৱা।
মূলতঃ পৰ্যটন খণ্ডৰ বিকাশ আৰু পৰ্যটকক আকৰ্ষণৰ বাবে প্ৰচলন কৰা হৈছে এই ভিষ্টাডম ৰে’ল চলাচল ব্যৱস্থা। যাৰ দ্বাৰা পৰ্যটক সকলে এই ৰে’লত উঠি বিশেষভাৱে নিৰ্মিত দবাৰ পৰা প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব পাৰিব।
শেহতীয়াকৈ এই ৰে’লসেৱা আৰম্ভ কৰা হৈছে গুৱাহাটী আৰু হাফলঙৰ মাজত।
কিন্তু এই সন্দৰ্ভত কিছু আপত্তি কৰিছে কংগ্ৰেছ দলৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈয়ে।
এই ৰেলসেৱা শিলচৰলৈকে সম্প্ৰসাৰণৰ দাবী উত্থাপন কৰে তেওঁ।
এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈয়ো এখন পত্ৰ প্ৰেৰণ কৰে।
তেওঁ পত্ৰত উল্লেখ কৰে যে, “ভিষ্টাডম ৰেলসেৱা কেৱল গুৱাহাটীৰ পৰা নিউ হাফলং ৰেল ষ্টেচনলৈকেহে চলিছে। ইয়াৰ চলাচলৰ দূৰত্ব অতি কম হৈছে। পৰ্যটকসকলে এই দূৰত্বত বহুত কম সংখ্যক ঠাইহে উপভোগ কৰিবলৈ পাব। সেয়েহে ইয়াক শিলচৰলৈকে সম্প্ৰসাৰণ কৰিব লাগে। কিয়নো শিলচৰ হৈছে ভৌগোলিকভাৱে বিচিত্ৰ অঞ্চল। ভাৰত-বাংলাদেশ সীমান্তত অৱস্থিত এই অঞ্চল ভৌগোলিকভাৱে বিচিত্ৰ। সেয়েহে শিলচৰলৈকে এই ৰেলসেৱা অব্যাহত থাকিলে পৰ্যটকসকলে অধিক মনোৰম প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ পাব। সেয়েহে পৰ্যটকৰ বাবে বিশেষ এই ৰেল সেৱা শিলচৰলৈকে সম্প্ৰসাৰণ কৰিবলৈ মই আহ্বান জনাইছো।”
Now, enjoy the natural beauty of the Dooars area in the foothills of the Himalayas in Vistadome Coach.
— Ministry of Railways (@RailMinIndia) August 28, 2021
Shri John Barla, Hon’ble Union Minister of State, Minority Affairs, Govt. of India today flagged off a Vistadome Tourist special train between New Jalpaiguri and Alipurduar Jn. pic.twitter.com/jdilQLOgeF
উল্লেখ্য যে এই ৰে’লসেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল প্ৰাক্তন ৰেলমন্ত্ৰী পিযুষ গোৱেলে।
তেওঁ এই ৰে’লসেৱা লামডিং আৰু বৰাক উপত্যকাৰ বদৰপুৰৰ মাজত আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহা প্ৰবন্ধক অংশুল গুপ্তাইয়ো সেই কথা জানিবলৈ দিছিল। কিন্তু পৰৱৰ্তী সময়ত বৰাক উপত্যকাক এই সেৱা লাভৰ পৰা আঁতৰাই ৰখা হ’ল বুলি চৰ্চিত হৈছে।