ভিনিয়েকে দ্বিতীয় বিবাহ কৰোৱাৰ বাবে চাৰি খুলশালিয়ে মিলি কৰিলে নৃশংস হত্যা, গ্ৰেপ্তাৰ…

এক চাঞ্চল্যকৰ হত্যাকাণ্ড।
ভিনিয়েকে দ্বিতীয় বিবাহ কৰোৱাৰ বাবে চাৰি খুলশালিয়ে মিলি কৰিলে নৃশংস হত্যা।
লখিমপুৰৰ জিলাৰ ঢকুৱাখনাৰ ঘিলামৰা থানাৰ অন্তৰ্গত পাটিচুকত এই হত্যকাণ্ড সংঘটিত হৈছে।
জানিব পৰা মতে ভিনিয়েক দীনেশ কামানে দ্বিতীয় বিবাহ কৰোৱাৰ বাবে চাৰিও খুলশালীয়েকে একাংশ লোকৰ সহযোগত হত্যা কৰে।
যোৱা ৭ জুন তাৰিখে খুলশালিয়েক আৰু শালপতিয়েকে লৈ আনিছিল পাটিচুকৰ নিজা ঘৰলৈ।
তাৰ পাছত ভিনিয়েকক এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি খুলশালিয়েক সহ একাংশ লোকে প্ৰচণ্ড মাৰপিট আৰম্ভ কৰে।
যাৰ ফলত অৱশেষত দীনেশ কামানৰ মৃত্যু হয়।
স্বামীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ কাষ চাপে দীনেশ কামানৰ দ্বিতীয় পত্নী ৰীনা কামান।
ইতিমধ্যে দ্বিতীয় পত্নী ৰীনা কামানে ঘিলামৰা থানাত এজাহাৰ দাখিল কৰে।
সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে চাৰিজনক আটক কৰে, আনহাতে আন এজন পলাতক হৈ আছে।
ইতিমধ্যে দীনেশ কামানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লক্ষীমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।