ভিডিঅ’ কলত উৎকোচ দাবী আৰক্ষী অধীক্ষকৰ! ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ…

নিউজ ডেস্কঃ এগৰাকী আইপিএছ বিষয়াই ঘোচ দাবী কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশত।

উত্তৰ প্ৰদেশৰ বিৰোধী দল সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ সিং যাদৱে টুইটাৰত শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো।

ইফালে আইপিএছ বিষয়া অনিৰুদ্ধ সিঙে ঘোচ দাবী কৰা ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে বাৰানসী আৰক্ষী আয়ুক্তক তিনিদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে উত্তৰ প্ৰদেশ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে।

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে টুইটাৰযোগে এই ভিডিঅ’টো শ্বেয়াৰ কৰি ৰাজ্য চৰকাৰে অপৰাধ ৰোধৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে।

উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰক আক্ৰমণ কৰি যাদৱে তেওঁৰ বিৰুদ্ধে “বুলডজাৰ” ব্যৱস্থা গ্ৰহণ কৰিব নেকি বুলিও প্ৰশ্ন কৰে।

জানিব পৰা মতে, এই ভিডিঅ’ অনিৰুদ্ধ সিং মীৰাটৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্তব্যৰত হৈ থকা কালৰ।

ভিডিঅ’টো শ্বেয়াৰ কৰি অখিলেশ সিঙে টুইটাৰত লিখিছে, “উত্তৰ প্ৰদেশত আই পি এছ বিষয়া এজনে ধন দাবী কৰা এই ভিডিঅ’টোৰ পিছত তেওঁৰ ফালে বুলডজাৰৰ দিশ সলনি হ’ব নে পলাতক আই পি এছৰ তালিকাত আৰু এটা নাম যোগ কৰি বিজেপি চৰকাৰে বিষয়টোৰ পৰা মুক্তি পাব?’’

মীৰাট আৰক্ষীয়ে টুইটাৰত উত্তৰত কয় যে, “এই ভিডিঅ’টো ২ বছৰৰো অধিক পুৰণি আৰু ইয়াৰ মীৰাটৰ সৈতে কোনো সম্পৰ্ক নাই। বিষয়টোৰ তদন্ত সম্পূৰ্ণ হৈছে।”

পিছত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে এক বিবৃতি প্ৰকাশ কৰি কয় যে দুবছৰতকৈও অধিক পুৰণি ভিডিঅ’টোৰ বিষয়বস্তুৰ ওপৰত আৰক্ষীয়ে তদন্ত চলাই আছে।

দৰাচলতে এই ভিডিঅ’টোত আৰক্ষী অধীক্ষক অনিৰুদ্ধ সিঙে এজন ব্যক্তিৰ সৈতে ভিডিঅ’ কলত কথা পাতি থকা দেখিবলৈ পোৱা গৈছে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে আৰক্ষীৰ মুখ্য কাৰ্যালয়ে বৰ্তমান বাৰানসীৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত সিঙৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ কথা সদৰী কৰিছে।