
নিউজ ডেস্কঃ সাধাৰণতে সকলো বিষয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আঁতৰি থাকিল ভিক্টৰ দাস সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা।
সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কেৱল ‘একো অভিযান নাই’ বুলি মন্তব্য কৰিয়েই আঁতৰি গ’ল মুখ্যমন্ত্ৰীগৰাকী।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ নিযুক্তিত অনিয়ম সংঘটিত হোৱা বুলি উৰা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰ দাস নামৰ যুৱকজনক।
ইতিমধ্যে অসম আৰক্ষীয়ে ভিক্টৰ দাসে উত্থাপন কৰা সকলো অভিযোগ মিছা বুলি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
সমান্তৰালভাৱে ডিজিপি ভাস্কৰজ্যোতি মহন্তইও প্ৰকাশ কৰিছে যে ভিক্টৰ দাসে কোনো ধৰণৰ তথ্য প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই।
কিন্তু এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰাৰ পৰা আঁতৰি থকাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।