
নিউজ ডেস্কঃ পলমকৈ হ’লেও ভিক্টৰ দাস সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰাক্তন শিক্ষামন্ত্ৰী তথা পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। ভিক্টৰ দাসক শিক্ষকৰ চাকৰিৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰিবলৈ শিক্ষা বিভাগক আহ্বান জনালে সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘আপোনালোকে এটা কথা কিয় হাইলাইট কৰা নাই মই বুজি পোৱা নাই। ভিক্টৰ দাস এজন টেট শিক্ষক। এজন টেট শিক্ষকে কেনেদৰে টিউটৰ হব পাৰে?’
ভিক্টৰ দাসক টিট শিক্ষকতাৰ পৰা তাৎক্ষণিক নিলম্বনৰ দাবী জনায় সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
আনহাতে ভিক্টৰ দাস টেট শিক্ষকৰ ওপৰিও যে টিউটৰ হিচাপে কৰ্মৰত সেই কথা চৰকাৰে আগতে গম পোৱা নাছিল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি ভট্টাচাৰ্যই কয়, ‘আপোনালোকে যিটো চেনেলত কাম কৰে, সেই চেনেলৰ বাহিৰেও আনক যদি বাতৰি যোগান ধৰে, তেন্তে মালিকে গম পালে ব্যৱস্থা গ্ৰহণ নকৰিব নেকি?’
ইফালে প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে। যদি ৰাজনীতি কৰিও মন্ত্ৰী-বিধায়কে নিজৰ নিজৰ ব্যৱসায় চলাই থাকিব পাৰে, তেন্তে টেট শিক্ষক হৈ সমপৰ্যায়ৰ বৃত্তি টিউটৰ হিচাপে ভিক্টৰ দাসে কিয় কাম কৰিব নোৱাৰে বুলিও প্ৰশ্ন কৰিছে বহুজনে।
উল্লেখ্য যে, অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে। কিন্তু অভিযোগকাৰীকে অভিযুক্ত সজাই গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তাৰ পিছত ৭ দিন আৰক্ষীৰ জিম্মাত পাৰ কৰাৰ পিছত অৱশেষত শনিবাৰে মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছিল ভিক্টৰ দাস।