ভিআইপি সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ পঞ্জাৱ চৰকাৰঃ ৪২৪ গৰাকী ভিআইপিৰ নিৰাপত্তা প্ৰত্যাহাৰ

নিউজ ডেস্কঃ মুখত নহয়, বাস্তৱত কৰি দেখুৱালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। ক্ষমতালৈ অহাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্তই দেশজুৰি চৰ্চা লাভ কৰিছে।

ঠিকাদাৰৰ পৰা উৎকোচ বিচৰাৰ অভিযোগত নিজৰ কেবিনেটৰে স্বাস্থ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ পিছত এইবাৰ ভিআইপি সংস্কৃতি বন্ধ কৰিবলৈ উঠিপৰি লাগিছে পঞ্জাৱৰ আপ চৰকাৰৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।

জানিব পৰা মতে, মানে ৰৰাজ্যখনৰ ৪২৪ গৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ধৰ্মীয় আৰু ৰাজনৈতিক নেতাক প্ৰদান কৰি অহা নিৰাপত্তা প্ৰত্যাহাৰ কৰিছে।

বাতৰি অনুসৰি বিয়াছৰ ডেৰা ৰাধা স্বামীৰ নিৰাপত্তাৰ দায়িত্বত থকা ১০ জন জোৱানকো অব্যাহতি দিয়া হৈছে।

উল্লেখ্য যে, যোৱা এপ্ৰিল মাহত চৰকাৰে ১৮৪ গৰাকী প্ৰাক্তন মন্ত্ৰী, বিধায়ক আৰু বিশিষ্ট ব্যক্তিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল।

ইয়াৰ এমাহ পূৰ্বে ১২২ জন প্ৰাক্তন মন্ত্ৰী-বিধায়কৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছিল।

প্রাক্তন মন্ত্রী মনপ্রীত সিং বাদল, ৰাজ কুমাৰ ভের্কা, ভাৰত ভূষণ আশু আৰু প্রাক্তন মুখ্যমন্ত্রী চৰণজিৎ সিং চান্নীৰ পৰিয়ালৰো নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল ভগৱন্ত মান চৰকাৰে।

মুখ্যমন্ত্ৰী মানে ভিআইপি সংস্কৃতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কয় যে আৰক্ষীক সাধাৰণ মানুহৰ নিৰাপত্তাৰ বাবে যি দায়িত্ব অৰ্পণ কৰা হৈছে, সেয়া পালন কৰা উচিত, কোনো ভিআইপিৰ নিৰাপত্তাৰ কৰ্তব্যত নিয়োজিত হৈ থাকিব নালাগে।

Leave a Comment