ভাৰত-বাংলা সীমান্তত BSFৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ সন্ধানহীন দ্বিতীয়জন জোৱানৰ মৃতদেহ উদ্ধাৰ…

শুক্ৰবাৰে মানকাচাৰৰ ভাৰত-বাংলা সীমান্তত দুৰ্ঘটনাত পতিত হয় এখন BSFৰ বাহন।

দুৰ্ঘটনাত ফলত কৰুণ মৃত্যুক সাৱটিলে দুজন জোৱানে।

জানিব পৰা মতে, জোৱানসকলে সীমান্তত পেট্ৰলিং কৰি আছিল। তেনে সময়তে বি এছ এফৰ একন জিপচি বাহন সীমান্তৰ ঝাওডাংগা এলেকাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন বিলত পৰি যায়।

লগে লগে তিনিজন জোৱান সুৰক্ষিতভাৱে ওলাই আহে যদিও দুজন জোৱান আৱদ্ধ হৈ পৰে।

লগে লগে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই ধৰ্মেন্দৰ নামৰ বি এছ এফ জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও এজন জোৱান সন্ধানহীন হৈ থাকে।

অৱশেষত শনিবাৰে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ উদ্ধাৰকাৰী বাহিনীয়ে বিএছএফ আৰু ৰাইজৰ সহযোগত অভিযান চলাই জিতেন্দ্ৰ পাণ্ডে নামৰ আনজন বিএছএফৰ জোৱানজনৰ মৃতদেহ উদ্ধাৰ কৰে।

উল্লেখ্য যে, দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত গাড়ীখনত চালকসহ পাঁচজন জোৱান আছিল।

Leave a Comment