fbpx
অসম

ভাৰত-বাংলা সীমান্তত বিএছএফৰ গুলীত নিহত চোৰাং ব্যৱসায়ী…

দেওবাৰে বিএছএফৰ গুলিত পুনৰ নিহত হৈছে এজন চোৰাং ব‍্যৱসায়ী।

দেওবাৰে মুৰ্ছিদাবাদৰ সাগৰপাৰাৰ ৰামনাৰায়ণপাৰাত সংঘটিত হয় এই ঘটনা।

জোৱানসকলে নিহত যুৱকজনৰ পৰা বহুতো অবৈধ ফেনচেডাইল উদ্ধাৰ কৰিছে।

বিএছএফৰ সূত্ৰ অনুসৰি, প্ৰায় ১০-১৫ জনীয়া চোৰাং ব্যৱসায়ীৰ এটা দলে শনিবাৰে পুৱতি নিশা সাগৰপাৰাত থকা ভাৰত-বাংলা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মাজেৰে ফেনচেডাইল খিনি চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি আছিল।

বিএছএফৰ জোৱানসকলে ইয়াক বাধা দিয়াৰ চেষ্টা কৰোঁতেই দলটোৱে জোৱানসকলৰ ওপৰত শিলাবৰ্ষণ কৰে।

বিএছএফে কেইবাবাৰো দলটোক সতৰ্ক কৰি দিয়াৰ পিছতো তেওঁলোকে এই কাৰ্য‍্যকলাপ বন্ধ নকৰাত উপায়ন্তৰ হৈ দলটোৰ ওপৰত গুলী চালনা কৰিবলৈ বাধ্য হয়। ইয়াৰ ফলত ৰোহিল মণ্ডল নামৰ এজন চোৰাং ব্যৱসায়ীৰ থিতাতে মৃত্যু হয়।

একে সময়তে, ঘটনাস্থলিৰ পৰা পাঁচ শতাধিক ফেনচেডাইল বটল উদ্ধাৰ কৰা হয়।ইফালে গুলীবৰ্ষণৰ শব্দ শুনি দলটোৰ বাকীসকল পলাই পত্ৰং দিয়ে।

অৱশ্যে ৰোহিলৰ পৰিয়ালৰ লোকে এই সমস্ত অভিযোগ নস‍্যাৎ কৰিছে।

পৰিয়ালৰ লোকে দাবী কৰা মতে মৃত ৰোহিল খেতি কৰিবলৈহে ওলাই গৈছিল। তাৰ পিছতে তেওঁলোকে ৰোহিলক বিএছএফে গুলীয়াই হত্যা কৰাৰ খবৰ লাভ কৰে। পৰিয়ালৰ লোকৰ মতে মৃত ৰোহিল কোনো অবৈধ ব্যৱসায়ৰ লগত জড়িত নাছিল।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!