ভাৰত-পাকিস্তানৰ মেচৰ বিৰোধিতা ৰামদেৱৰ! ক’লে- পাকিস্তানৰ সৈতে খেল ৰাষ্ট্ৰধৰ্ম বিৰোধী…

ভাৰত-পাকিস্তানৰ মেচৰ বিৰোধিতা বাবা ৰামদেৱৰ।

দেওবাৰে সন্ধিয়া অনুষ্ঠিত হবলগীয়া ভাৰত-পাক মেচখনৰ বিৰোধিতা কৰি ৰামদেৱে কয়, সন্ত্ৰাস আৰু খেল একেলগে কেতিয়াও হব নোৱাৰে। এয়া হৈছে ৰাষ্ট্ৰধৰ্ম বিৰোধী কাৰ্য।

আজি অনুষ্ঠিত হ’বলগীয়া ভাৰত-পাকিস্তানৰ মাজৰ হাইভল্টেজ খেলৰ পূৰ্বে নিজৰ মন্তব্য প্ৰকাশ কৰিছে যোগগুৰু বাবা ৰামদেৱে।

নাগপুৰত অনুষ্ঠিত এক অনুষ্ঠানত সাংবাদিকে এলঅ’চিত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ অব্যাহত থকাৰ সময়তে ভাৰত-পাকিস্তানৰ মাজত ক্ৰিকেট খেল কেনেদৰে সম্ভৱপৰ বুলি সোধা এক প্ৰশ্নৰ উত্তৰত এইদৰে কয় বাবা ৰামদেৱে।

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া ৭.৩০বজাত অনুষ্ঠিত হবলগীয়া এই মেচখনক লৈ ক্ৰীড়াপ্ৰেমী ৰাইজৰ মাজত উতকন্ঠা বৃদ্ধি পাইছে।

Leave a Comment