ভাৰত-চীন সীমান্তত সন্ধানহীন অৰুণাচলৰ দুই যুৱক…

ভাৰত-চীন সীমান্তত সন্ধানহীন অৰুণাচলৰ দুই যুৱক।

সন্ধানহীন বাটেইলাম টিক্ৰ আৰু বায়িংস্ব মান্যু।

যুৱকদ্বয় অৰুণাচলৰ আনজাও জিলাৰ খোপা অঞ্চলৰ। ২৪ আগষ্টৰ পৰা নিখোজ হৈ আছে যুৱকদ্বয়।

ঘটনা সন্দৰ্ভত অৰুণাচল আৰক্ষীক এজাহাৰ ভুক্তভোগী পৰিয়ালৰ।

বিষয়টো সম্পৰ্কত ভাৰতীয় সেনাকো অৱগত অৰুণাচল আৰক্ষীৰ।

১৯ আগষ্টত তেওঁলোক ঔষধি উদ্ভিদৰ সন্ধানত ঘৰৰ পৰা ওলাই আঞ্জৌৰ চাগালগামলৈ গৈছিল যদিও তাত উপস্থিত নহ’ল। ২৪ আগষ্টত তেওঁলোকক শেষবাৰৰ বাবে দেখা গৈছিল। তেতিয়াৰ পৰা তেওঁলোকৰ কোনো খবৰ নাই।

এই সন্দৰ্ভত তথ্য প্ৰদান কৰি আঞ্জৱ জিলা আৰক্ষী অধীক্ষক ৰাইক কামছিয়ে কয় যে ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চললৈ ঔষধি উদ্ভিদৰ সন্ধানত যোৱা দুজন যুৱক নিৰুদ্দেশ হৈছিল। তেওঁলোকৰ পৰিয়ালৰ লোকে ৯ অক্টোবৰত আৰক্ষীত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে সেনাৰ সৈতে যোগাযোগ কৰিছে আৰু আৰক্ষীৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযানো চলি আছে। অৰুণাচল-চীন সীমান্তত চীনা সেনাই পণবন্দী কৰি ৰখাৰো সন্দেহ কৰিছে বেটিলুম টিকৰো আৰু বেইংছ’ মন্যুৰ পৰিয়ালে।

দুয়োটা পৰিয়ালে কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু ভাৰতীয় সেনাক যুৱক দুজনৰ সন্ধানত সহায় কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে জানুৱাৰি মাহতো ৰাজ্যখনৰ আপাৰ ছিয়াং জিলাৰ আন এজন যুৱক সীমান্তৰ ওচৰৰ এখন অৰণ্যত ঔষধি উদ্ভিদ বিচাৰি ওলাই যাওঁতে অজানিতে চীনত প্ৰৱেশ কৰিছিল আৰু চীনা সৈন্যই তেওঁক বন্দী কৰি ৰখাৰ দৰ এক ঘটনা সংঘটিত হৈছিল।