Mon. Nov 23rd, 2020

নিউজ ডেস্ক। অসম তথা উত্তৰ পূবক অশান্ত কৰিবলৈ ভাৰতৰ শত্ৰু ৰাষ্ট্ৰই অহৰহ অপচেষ্টা চলাই থকা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে।

বিশেষকৈ চীন আৰু পাকিস্তানে উত্তৰ পূবক অশান্ত কৰিবলৈ অঞ্চলটােৰ উগ্ৰপন্থী সংগঠনসমূহক ধন-মাৰণাস্ত্ৰ যােগান ধৰাৰ উপৰি প্ৰশিক্ষণাে প্ৰদানৰ ব্যৱস্থাও হাতত লৈছে।

এই কথা স্বীকাৰ কৰিছে সদ্য-আত্মসমৰ্পণকাৰী আলফা (স্বাধীন)ৰ উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱা ওৰফে মনােজ ৰাভাই।

সম্প্ৰতি অসম আৰক্ষীৰ জিম্মাত থকা দৃষ্টিয়ে তদন্তকাৰী বিষয়াৰ আগত প্ৰকাশ কৰিছে এই তথ্য।

দৃষ্টিয়ে জনােৱা মতে, ২੦੦৫ চনত ৭ জনীয়া দল পাকিস্তানলৈ গৈছিল। পাকিস্তানৰ এটা এজেন্সিয়ে এই লােককেইজনৰ বাবে ভুৱা পাছপৰ্টৰ ব্যৱস্থা কৰিছিল।

তাত গৈ পাকিস্তান-আফগানিস্তানৰ সীমান্তৱৰ্তী এলেকাত তেওঁলােকে দুই মাহৰ বাবে প্ৰশিক্ষণ লৈছিল।

প্ৰধানতঃ RPG চলােৱা আৰু IED বােমা তৈয়াৰ কৰাৰ বাবে তেওঁলােকক পাকিস্তানৰ বিশেষজ্ঞই প্ৰশিক্ষণ দিছিল।

উল্লেখ্য যে চােৰাংচােৱাৰ হাতত পৰা তথ্য অনুসৰি, আলফাৰ কমেও ৪ টা দলে পাকিস্তান-আফগানিস্তান সীমান্তত প্ৰশিক্ষণ ল’বলৈ গৈছিল।