ভাৰতৰ কিংবদন্তী টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা…

নিউজ ডেস্কঃ পেছাদাৰী টেনিছৰ পৰা অৱসৰগ্ৰহণ কৰিব ভাৰতীয় তাৰকা খেলুৱৈ ছানিয়া মিৰ্জাই।

চলিত বছৰৰ ফেব্ৰুৱাৰীত খেলৰ পৰা অৱসগ্ৰহণৰ কথা ঘোষণা কৰিছে ছানিয়াই।

৬ জানুৱাৰীত বিশ্ব টেনিছ এছ’চিয়েশ্যনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মিৰ্জাই অৱসৰৰ কথা ঘোষণা কৰে।

image 26
ভাৰতৰ কিংবদন্তী টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা… 3

বিশ্ব টেনিছ এছ’চিয়েশ্যনৰ ৱেবছাইটত ৩৬ বছৰীয়া ছানিয়া মিৰ্জাই কয় যে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ডুবাই টেনিছ চেম্পিয়নশ্বিপ তেওঁৰ পেছাদাৰী কেৰিয়াৰৰ শেষ প্ৰতিযোগিতা হ’ব।

৬বাৰকৈ গ্ৰেণ্ড শ্লেম ডাবলছৰ খিতাপ জয় কৰা বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ মহিলা টেনিছ খেলুৱৈগৰাকীয়ে কয় যে তেওঁ ২০২২ চনতে অৱসৰগ্ৰহণৰ পৰিকল্পনা কৰিছিল যদিও আঘাতৰ বাবে সিদ্ধান্ত গ্ৰহণত পলম হৈছিল।

image 27
ভাৰতৰ কিংবদন্তী টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ অৱসৰ ঘোষণা… 4

২০১৬ চনত মহিলা ডাবলছৰ জয়ৰ মুকুট পৰিধান কৰা ছানিয়া মিৰ্জাই অষ্ট্ৰেলিয়ান অ’পেনত চলিত মাহত তেওঁৰ চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে, ২০২২ চনৰ জুলাই মাহত মিৰ্জাই উইম্বলডনত অন্তিমখন খেল খেলিছিল আৰু অল ইংলেণ্ড ক্লাবত ডিফেণ্ডিং চেম্পিয়ন নীল স্কুপস্কি আৰু ডেচিৰে ক্ৰ’চিকৰ বিৰুদ্ধে মিক্সড ডাবলছৰ ছেমি ফাইনেল মেচত পৰাস্ত হৈছিল।