ভাৰতীয় সেনা বিষয়াৰ পোছাক পিন্ধি চাকৰি দিয়াৰ নামত সৰকাইছিল লাখ লাখ টকা, অৱশেষত পৰিল জালত

সামৰিক বাহিনীত নিযুক্তি দিয়াৰ নামত বহু যুৱক-যুৱতীৰ পৰা লাখৰ ঘৰত ধন সৰকোৱা এজন ভণ্ড সেনা বিষয়াক আটক কৰিছে ভাৰতীয় সেনাই।

জানিব পৰা মতে, গণেশ ৱালু পাৱাৰ নামৰ নাছিকৰ ব্যক্তিজনে ভাৰতীয় সেনাৰ মেজৰৰ পোছাক পৰিধান কৰি নিজকে সেনা বিষয়া বুলি পৰিচয় দি বিভিন্ন জনক প্ৰতাড়িত কৰি আহিছিল।

শেহতীয়াকৈ আৰ্টিলাৰী চেণ্টাৰত চলি থকা নিযুক্তি প্ৰক্ৰিয়াত ভাগ লোৱা বহু কেইগৰাকী প্ৰাৰ্থীৰ পৰাও চাকৰি দিয়াৰ নামত গণেশ পাৱাৰে সৰকাইছিল কেইবা লক্ষাধিক টকা।

আনহাতে এই ভুৱা সেনা বিষয়জনৰ বিষয়ে পুনেৰ চাউদাৰ্ণ কমাণ্ডৰ সামৰিক চোৰাংচোৱা বিভাগৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ভাৰতীয় সেনাই অভিযান চলাই মঙ্গলবাৰে নাছিকৰ দেওলালী কেণ্টনমেণ্ট এলেকাৰ পৰা আটক কৰে।

সেনাৰ এক সূত্ৰই সদৰী কৰা মতে গণেশ ৱালু পাৱাৰে সেনাৰ পোছাকত কেণ্ট চৌহদৰ চাৰিওফালে এখন মাৰুতি এৰ্টিগা বাহনত উঠি ঘূৰি ফুৰিছিল আৰু নিযুক্তি প্ৰক্ৰিয়াত ভাগ ল’বলৈ অহা প্ৰাৰ্থী সকলক নিযুক্তিত সহায় কৰাৰ প্ৰতিশ্ৰুতিৰে নথি-পত্ৰ আৰু নগদ ধন সংগ্ৰহ কৰিছিল। ব্যক্তিজনে নিজকে সেনা মেজৰ বুলি পৰিচয় দি দীৰ্ঘ দিনৰ পৰা কৰি আহিছিল এই প্ৰৱঞ্চনা।

ইফালে পাৱাৰৰ সৈতে তেওঁৰ চালক হিচাপে থকা নীলেশ ছবু খাইৰেকো আটক কৰিছে সেনাই। অভিযোগ অনুসৰি, সশস্ত্ৰ বাহিনীত অসামৰিক প্ৰতিৰক্ষা কৰ্মচাৰী হিচাপে চাকৰি পোৱাৰ বাবে নীলেশ ছবু খাইৰেয়ে ভণ্ড সেনা বিষয়জনক ৩ লাখ টকা প্ৰদান কৰিছিল।

আনহাতে অধিক অনুসন্ধানৰ পিছত পোহৰলৈ অহা তথ্য অনুসৰি, গণেশ পাৱাৰে একোজন ব্যক্তিৰ পৰা চাকৰি দিয়াৰ নামত ১৫ লাখ টকা লৈছিল।

ভাৰতীয় সেনাই ভণ্ড সেনা বিষয়া জনৰ পৰা সামৰিক বাহিনীৰ পোছাকৰ লগতে, নিজৰ নেমপ্লেট, চৰিত্ৰৰ প্ৰমাণপত্ৰ আৰু ষ্টেচনৰ মুখ্য কাৰ্যালয় দেওলালীৰ ভুৱা মোহৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা প্ৰমাণপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে এই নথি পত্ৰসমূহ ব্যৱহাৰ কৰি গণেশ পাৱাৰে ঘৰ নিৰ্মাণৰ বাবে ইউনিয়ন বেংক অৱ ইণ্ডিয়া, চান্দৱাড শাখাৰ পৰা ৩৯ লাখ টকাৰ ঋণ লোৱা বুলিও সেনাৰ তদন্তত পোহৰলৈ আহিছে।

ব্যক্তিজনক বৰ্তমান আৰক্ষীক হস্তান্তৰ কৰা হৈছে আৰু গোচৰটোত এখন এজাহাৰ দাখিল কৰি তদন্ত অব্যাহত ৰখা হৈছে।

Leave a Comment