ভাৰতীয় সেনাৰ বাবে নতুন পোছাক DRDOৰ, মাইনাছ ৫০ ডিগ্ৰী চেলচিয়াছতো সঠিক ৰাখিব শৰীৰৰ উত্তাপ…

বৰফাবৃত্ত পাহাৰৰ প্ৰচণ্ড জাৰ হওক বা ৰুক্ষ মৰুভূমিৰ প্ৰচণ্ড উত্তাপ, সকলো সময়তে, সকলো পৰিস্থিতিতে দেশমাতৃৰ সেৱাত ব্ৰতী ভাৰতীয় সেনাৰ বাবে এক নতুন ধৰণৰ পোছাক নিৰ্মাণৰ প্ৰস্তুতি চলাইছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ই।

সেনাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে ডিআৰডিঅ’য়ে ৫টা ভাৰতীয় কোম্পানীক থলুৱা আৰু অত্যাধিক শীতল বতৰৰ পোছাক প্ৰণালী (ইচিডব্লিউচিএছ) হস্তান্তৰ কৰিছে, যি ভাৰতত এই অত্যাধিক গৰম কাপোৰ নিৰ্মাণ কৰিব।

ডিআৰডিঅ’ৰ অধ্যক্ষ ড০ জি সতীশ ৰেড্ডীয়ে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ কোম্পানীসমূহক এই প্ৰযুক্তি হস্তান্তৰ কৰে।

উল্লেখ্য যে, ভাৰতীয় সেনা জোৱানসকলে হিমবাহ আৰু হিমালয়ৰ শৃংগত বৰফাবৃত্ত পৰিস্থিতিত নিৰন্তৰভাৱে দেশক সেৱা আগবঢ়ায়। সেই সময়ত তেওঁলোকক জাৰৰ পৰা ৰক্ষা পৰিবলৈ অধিক গৰম কাপোৰৰ প্ৰয়োজন হয়। আনহাতে, এই থলুৱা প্ৰযুক্তিয়ে ভাৰতীয় সেনাক যথেষ্ট লাভান্বিত কৰিব।

ভাৰতীয় সেনাই উচ্চ উচ্চতাত নিয়োজিত সেনা জোৱানৰ বাবে অত্যাধিক ঠাণ্ডা বতৰৰ কাপোৰ আৰু কেইবাটাও বিশেষ বস্ত্ৰ আৰু পৰ্বতাৰোহণ সঁজুলি (এছচিএমই) সামগ্ৰী আমদানি কৰি আহিছে।

মন্ত্ৰালয়ে কয় যে ডিআৰডিঅ’ৰ দ্বাৰা ডিজাইন কৰা ইচিডব্লিউচিএছ প্ৰণালী হৈছে বিভিন্ন স্তৰৰ শাৰীৰিক কাৰ্যকলাপৰ সময়ত হিমালয় অঞ্চলৰ বিভিন্ন পৰিৱেশ, জলবায়ুৰ পৰিস্থিতিত প্ৰত্যাশিত ইনচুলেচনৰ ওপৰত আধাৰিত কৰি শাৰীৰিক আৰামৰ সৈতে এক এৰ্গোনোমিকেলি ডিজাইন কৰা মডুলাৰ কাৰিকৰী বস্ত্ৰ প্ৰণালী। ইয়াৰ দ্বাৰা ভাৰতীয় সেনা জোৱানে অধিক ভালদৰে কাম কৰিবলৈ সক্ষম হ’ব।

ডিআৰডিঅ’ৰ মতে, তিনটা স্তৰত প্ৰস্তুত কৰা অত্যাধিক ঠাণ্ডা বতৰৰ বস্ত্ৰ প্ৰণালীটো প্লাছ ১৫ ডিগ্ৰী আৰু মাইনাছ ৫০ ডিগ্ৰী চেলচিয়াছৰ মাজত তাপ নিৰোধক প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে যে মাইনাছ ৫০ ডিগ্ৰী উষ্ণতাতো সেনা জোৱান সকলৰ শৰীৰৰ তাপমাত্ৰা সঠিক আৰু গৰম হৈ থাকিব।

এই নতুন প্ৰযুক্তিটোত শ্বাস-প্ৰশ্বাসৰ ক্ষমতা, তাপমান আৰু পানীৰ অভাৱ আৰু দ্ৰুত ঘাম নিঃসৰণ সম্পৰ্কীয় শাৰীৰিক কাৰ্যকলাপ আৰু উন্নত ইনচুলেচনৰ লগতে অধিক উচ্চতাতো পানী আৰু অত্যাধিক তাপমান প্ৰতিৰোধ কৰাৰ সুবিধা থাকিব।

Leave a Comment