ভাৰতীয় সেনাৰ নামত চাইবাৰ প্ৰৱঞ্চনা! জন্মদিনৰ বাবে কেক অৰ্ডাৰ দি ব্যৱসায়ীৰ একাউন্টাৰ পৰা লুটি নিলে ধন…

ৰাজ্যত পুনৰ সংঘটিত হৈছে চাইবাৰ প্ৰৱঞ্চনা।

এইবাৰ ভাৰতীয় সেনাৰ নামত চাইবাৰ প্ৰৱঞ্চনা দুষ্ট চক্ৰৰ।

সেনা বিষয়াৰ জন্মদিনৰ বাবে কেক অৰ্ডাৰ দি ব্যৱসায়ীৰ একাউন্টাৰ ধন লুটি নিলে প্ৰৱঞ্চকে।

চতিয়াৰ এজন যুৱ ব্যৱসায়ী চাইবাৰ চক্ৰই কৌশলেৰে লুটি নিয়ে একাউণ্টৰ ধন।

জানিব পৰামতে, চতিয়াৰ যুৱ ব্যৱসায়ী ৰূপম শইকীয়ালৈ যোৱা ৮ ছেপ্তেম্বৰ তাৰিখে এটা ফোন কল আহে আৰু ফোন কলত ব্যক্তিজনে নিজকে ভাৰতীয় সেনাৰ ইটাখোলাত থকা চাউনীৰ সৈনিক বুলি পৰিচয় দি চাউনীটোৰ মেজৰৰ জন্মদিনৰ বাবে এটা তিনি তৰপীয়া এটা কেকৰ অৰ্ডাৰ দিয়ে।

লগতে যুৱকজনক কেকৰ ফটো আৰু বিল অন্য এটি নম্বৰত হোৱাট্ এপ যোগে ফটো পঠিয়াবলৈ কয়।

সেই মৰ্মে যুৱ ব্যৱসায়ীজনে কেক প্ৰস্তুত কৰি হোৱাট্ এপ নম্বৰত ফটো আৰু বিল পঠিয়াই দিয়ে।

বিল পোৱাৰ পিছতেই চক্ৰটোৱে যুৱকজনৰ গুগল পে’ নম্বৰটো বিচাৰে আৰু গুগল পে’ নম্বৰটো পোৱাৰ পিছতে চক্ৰটোৱে নানা উজুহাট দেখুৱাই এটা টকা পঠিয়াবলৈ অনুৰোধ জনাই।

লগে লগে যুৱকজনে তিনিটকা গুগল পে’ কৰি দিয়াত যুৱকজনৰ একাউণ্টত থকা সমস্ত ধন অপৰাধী চক্ৰটোৱে লুটি লৈ যায়।