অসমীয়াৰাষ্ট্ৰীয়

ভাৰতীয় সেনাৰ গোপন তথ্য সৰবৰাহ! আৰক্ষীৰ জালত পৰিল ৩ পাকিস্তানী চোৰাংচোৱা

নিউজ ডেস্কঃ ৰাজস্থানৰ সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাই চিআইডি চোৰাংচোৱাৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৩ জন পাকিস্তানী চোৰাংচোৱাক।

‘অপাৰেশ্যন চৰহদ’ৰ অধীনত ৰাজস্থানৰ সীমান্তৱৰ্তী জিলা শ্ৰীগংগা নগৰকে ধৰি হনুমানগড় আৰু চুৰুত ভাৰতৰ বিৰুদ্ধে বৃহৎ অভিসন্ধি ৰচনা কৰাৰ সময়তে পাকিস্তানী চোৰাংচোৱা কেইজনক গ্ৰেপ্তাৰ কৰে চিআইডি চোৰাংচোৱাৰ বিশেষ শাখাই।

ইফালে অপাৰেশ্যন চৰহদ অধীনত ২৫ জুনৰ পৰা ২৮ জুনলৈ শ্ৰীগংগানগৰ, হনুমানগড় আৰু চুৰুত মুঠ ২৩ জন সন্দেহযুক্ত লোকক জিম্মাত লৈ যৌথভাৱে জেৰা কৰা হৈছিল। ইয়াৰে তিনিজন ব্যক্তি পাকিস্তানৰ চোৰাংচোৱা বুলি প্ৰমাণিত হয়।

চিআইডি চোৰাংচোৱাৰ বিশেষ শাখাই চৰকাৰী গোপনীয়তা আইন ১৯২৩ৰ অধীনত শ্ৰীগংগানগৰৰ সুৰতগড়ৰ ৩৮ নং ৱাৰ্ডৰ নিতিন যাদৱ, হনুমানগড়ৰ ডাবলি ৰথানৰ ১৯ নং ৱাৰ্ডৰ বাসিন্দা আব্দুল সত্তাৰ আৰু বৰমেৰৰ ৰাম সিংহক গ্ৰেপ্তাৰ কৰে।

photo1656826387

লাভ কৰা তথ্য অনুসৰি সেনা চাউনী এলেকাৰ ফলমূল আৰু শাক-পাচলি যোগানৰ লগত জড়িত আছিল শ্ৰীগংগানগৰ জিলাৰ সুৰতগড়ৰ নীতিন যাদৱ। জেৰাৰ সময়ত নীতিন যাদৱে কৌশলগত গুৰুত্বপূৰ্ণ তথ্য ভাগ-বতৰা কৰাৰ লগতে পাকিস্তানী মহিলা এজেণ্টৰ ফান্দত আবদ্ধ হৈ বিনিময়ত ধন লাভ কৰাৰ কথা স্বীকাৰ কৰিছে।

ইয়াৰ লগতে হনুমানগড়ৰ ডাবলি ৰথনৰ আব্দুল ছাত্তাৰেও ২০১০ চনৰ পৰা নিয়মীয়াকৈ পাকিস্তানলৈ যাত্ৰা কৰি আহিছে। তেওঁ ভাৰতত পাকিস্তানী চোৰাংচোৱা সংস্থাৰ স্থানীয় এজেণ্ট হিচাপে কাম কৰি আছিল।

জেৰাৰ সময়ত আব্দুল ছাত্তাৰে পাকিস্তান ভ্ৰমণৰ সময়ত পাকিস্তানৰ চোৰাংচোৱা এজেণ্টসকলক কৌশলগত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰাৰ লগতে বিনিময়ত ধন লাভ কৰাৰ কথা স্বীকাৰ কৰিছে।

একেদৰে বৰমেৰৰ বাসিন্দা ৰাম সিং বৰ্তমান চুৰুৰ ৰতনগড়ত বাস কৰে। বৰ্তমান তেওঁ বিকাশ ট্ৰেডাৰ্ছ নামৰ এটা কাৰখানাত কাম কৰে। স্বীকাৰ কৰা অনুসৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে তেওঁ দীৰ্ঘ সময়ৰ পৰা যোগাযোগ ৰক্ষা কৰি আহিছিল।

ৰাম সিঙে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল আৰু সীমান্ত অঞ্চলত অৱস্থিত বৰ্ডাৰ আউট পোষ্টৰ ফটো আৰু ভিডিঅ’ কৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থালৈ প্ৰেৰণ কৰি আহিছিল। যাৰ বিনিময়ত তেওঁ লাভ কৰিছিল বৃহৎ পৰিমাণৰ ধন।

Related Articles

Back to top button