ভাৰতীয় নৌ-সেনাৰ বৃহৎ সফলতা, ২০০০ কোটি টকাৰ ড্ৰাগছ জব্দ…

ভাৰতীয় নৌ-সেনা বাহিনীয়ে বৃহৎ সফলতা, ২০০০ কোটি টকাৰ ড্ৰাগছ জব্দ।

গুজৰাটত ভাৰতীয় নৌ-সেনা বাহিনীৰ এটা দলে পাকিস্তানৰ পৰা সাগৰীয় পথেৰে ভাৰতলৈ আনি থকা অৱস্থাত জব্দ কৰে ৭৬৩ কিলোগ্ৰাম ড্ৰাগছ।

জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২ হাজাৰ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰ সমীপৰ পৰা নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰে।

 জানিব পৰা মতে, ড্ৰাগছখিনি পাকিস্তানৰ পৰা মাছমৰীয়া নাৱেৰে ভাৰতলৈ আনি থকা হৈছিল।

উল্লেখ্য যে, যোৱা বৰ্ষৰ ১৬ ডিচেম্বৰত বৃহৎ পৰিমাণৰ আফগানী হেৰোইন জব্দ কৰিছিল, যাৰ মূল্য ৯ হাজাৰ কোটি টকাতকৈও অধিক আছিল।

Leave a Comment