
ভাৰতীয় সেনাৰ বিষয়াই সাজিলে মাইক্ৰ’কপ্টাৰ, অচিৰেই চামিল হ’ব সেনাৰ অভিযানত
January 14, 2021নিউজ ডেস্ক। সন্ত্ৰাসবাদীৰ গতিবিধি নিৰীক্ষণ আৰু অভিযানৰ সময়ত জােৱানৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ভাৰতীয় সেনাৰ এজন বিষয়াই সাজি উলিয়ালে এক উৰন্ত যন্ত্ৰ, যাৰ নাম দিয়া হৈছে মাইক্ৰ’কপ্টাৰ (Microcopter) অৰ্থাৎ এক ক্ষুদ্ৰ হেলিকপ্টাৰ।

এই যন্ত্ৰৰ সহায়ত এটা অট্টালিকা অথবা এটা কোঠাৰ ভিতৰত যদি কোনো উগ্ৰপন্থী বা অপৰাধী লুকাই থাকে, তেন্তে পৰিস্থিতিত তাৰ সঠিক অৱস্থাত সহজতে পােৱা যাব।
এই যন্ত্ৰ উদ্ভাৱন কৰি উলিয়াইছে লেফটেনেন্ট কৰ্ণেল জী ৱাই কে ৰেড্ডীয়ে।
উল্লেখ্য যে এই যন্ত্ৰটো দুঘণ্টা সময় উৰি থাকিব পৰাৰ লগতে ৪,৫০০ মিটাৰ উচ্চতালৈকে যাব পাৰিব।
ইয়াৰোপৰি ভাৰতীয় সেনাই সীমান্তত এই Microcopter খন ব্যৱহাৰৰ বাবেও চিন্তা চৰ্চা কৰিছে।