ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chief ৰ দায়িত্বত প্ৰথমগৰাকী অসমীয়া ৰাণা প্ৰতাপ কলিতা

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমৰ বাবে আহিল এক সুখবৰ।
দেশৰ প্ৰতিৰক্ষা তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে সেনা বাহিনীৰ শীৰ্ষ পদত অধিস্থিত হ’ল এগৰাকী অসমীয়া।
সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ জি অ’ চি চীফ পদত নিযুক্ত হ’ল অসম সন্তান ৰাণা প্ৰতাপ কলিতা।

লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই এই পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া।
১ ফেব্ৰুৱাৰীত GOC-in-Chiefৰ দায়িত্ব গ্ৰহণ কৰিব ৰাণা প্ৰতাপ কলিতাই।
ইয়াৰ পূৰ্বে ভাৰতীয় সেনা বাহিনীৰ কেইবাটাও শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল কলিতাই।
লেফটেনেণ্ট জেনেৰেল কলিতা অসমৰ গোৱালপাৰাৰ সৈনিক বিদ্যালয় (SSG) আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ (NDA)ৰ প্ৰাক্তন ছাত্ৰ।
পূৰ্বতে দেশৰ বাবে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে ‘সেনা পদক’ আৰু ‘বিশিষ্ট সেৱা পদক’ (দুবাৰ) প্ৰদান কৰা হৈছিল।
লগতে চাওকঃ
অসম আৰক্ষীৰ এডিজিপি হীৰেণ চন্দ্ৰ নাথলৈ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক…
