fbpx
অসমঅসমীয়া

ভাৰতবৰ্ষক স্বাৱলম্বী কৰিবলৈ বৃদ্ধি কৰিব লাগিব কৰ্মৰ সুযোগঃ আৰএছএছ

নিউজ ডেস্ক। যোৱা ১১ মাৰ্চৰ পৰা গুজৰাটৰ কৰ্ণৱতীত তিনিদিয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰতিনিধি সভাৰ পিছত দেওবাৰে এই সভাত আলোচিত বিষয় সন্দৰ্ভত এক সংবাদমেলযোগে জানিবলৈ দিয়ে সংঘৰ উত্তৰ অসম প্ৰান্তৰ নেতৃবৰ্গই।

আৰএছএছৰ উত্তৰ অসম প্ৰান্তৰ চালক ডা০ ভূপেশ শৰ্মাই সংবাদ মেলত জানিবলৈ দিয়া মতে, প্ৰতিনিধি সভাখনত ভাৰতবৰ্ষক স্বাৱলম্বী কৰিবলৈ কৰ্মৰ সুযোগ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ উত্থাপন কৰা হৈছে।

G1 32

ডা০ শৰ্মাই কয়, ‘প্রাকৃতিক সম্পদ প্ৰাচুৰ্য, জনশক্তিৰ প্ৰাচুৰ্য আৰু অন্তর্নিহিত উদ্যোগী দক্ষতাৰ বাবে ভাৰতবৰ্ষই দেশৰ কৃষি উৎপাদন আৰু সেৱা খণ্ডবোৰ পৰিবৰ্তন কৰাৰ লগতে পর্যাপ্ত কামৰ সুযোগ সৃষ্টি কৰি অর্থনীতিক উচ্চ স্তৰলৈ লৈ যোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে।’

তেওঁ লগতে কয়, ‘কোভিড মহামাৰীৰ সময়ছোৱাত নিযুক্তি আৰু জীৱিকাৰ ওপৰত ইয়াৰ প্ৰভাৱ সকলোৱে অনুভৱ কৰিছো। আমি বহুতো নতুন সুযোগ উদ্ভৱ হোৱা দেখিছো, য’ত সমাজৰ কিছু লোকে সুবিধা লৈছে।’

নিযুক্তিৰ এই প্রত্যাহ্বান সফলতাৰে মোকাবিলা কৰিবলৈ সমাজে এনে সুযোগৰ সদ্ব্যৱহাৰত সক্রিয় ভূমিকা পালন কৰিব লাগিব বুলি আৰএছএছৰ অখিল ভাৰতীয় প্ৰতিনিধি সভাই প্ৰস্তাৱ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে ডা০ ভূপেন শৰ্মাই।

আৰএছএছৰ উত্তৰ অসম প্ৰান্তৰ নেতাগৰাকীয়ে কয়, ‘প্রতিনিধি সভাই ধাৰণা কৰিছে যে মানৱকেন্দ্ৰিক, পৰিবেশৰ অনুকূল পৰিস্থিতি, শ্রমিক প্রধান তথা বিকেন্দ্ৰীকৰণৰ জৰিয়তে ভাৰতীয় অর্থনৈতিক আৰ্হিলৈ লাভাংশৰ ন্যায়সংগত বিতৰণত গুৰুত্ব দিয়া উচিত। গ্ৰাম্য অর্থনীতি, ক্ষুদ্র উদ্যোগ আৰু কৃষি আধাৰিত উদ্যোগসমূহক অগ্রাধিকাৰ দিয়া উচিত। আমাৰ সামাজিক পৰিস্থিতিৰ সৈতে সংগতি ৰাখি নতুন কাৰিকৰী আৰু ‘ছফট স্কীল’ গ্ৰহণ কৰাৰ প্ৰচেষ্টা কৰাটো অত্যাৱশ্যকীয়।’

শিক্ষা আৰু পৰামৰ্শৰ দ্বাৰা সমাজত বিশেষকৈ যুৱসকলৰ মাজত ঔদ্যোগিক উৎসাহৰ পৰিবেশ প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ কয় যে যাতে যুৱসকলে কেৱল চাকৰি পোৱাৰ মানসিকতাৰ পৰা ওলাই আহিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই জৰুৰী।

লগতে জনজাতীয় এলেকাতো একেধৰণৰ উদ্যোগী মনোভাবৰ প্ৰচাৰ কৰা প্ৰয়োজন আছে। শিক্ষাবিদ, উদ্যোগৰ নেতৃবৃন্দ, সামাজিক নেতৃত্ব, সামাজিক সংগঠন আৰু বিভিন্ন প্রতিষ্ঠানে এই দিশত এক কাৰ্যকৰী ভূমিকা পালন কৰিব পাৰে বুলি মন্তব্য কৰে ডা০ ভূপেন শৰ্মাই। এই সংবাদমেলতত সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত কাৰ্যবাহী খগেন শইকীয়াৰ লগতে ভালেকেইগৰাকী নেতা উপস্থিত থাকে।

লগতে চাওকঃ

ব্যতিক্ৰমী দৃশ্য! অসমৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে অভিভাৱকৰ হেতাওপৰা

G1 33

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!