ভাৰতত PFIক ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক মুখ্যমন্ত্ৰীৰ আদৰণি…

ভাৰতত PFIক পাঁচ বছৰৰ বাবে নিষিদ্ধ ঘোষণা।

ভাৰতত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ PFIক ৫বছৰৰ বাবে নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ।

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত জাৰি কৰা হৈছে অধিসূচনা।

ইউএপিএ আইনৰ অধীনত নিষিদ্ধ কৰা হৈছে সংগঠনটোক।

image 215
ভাৰতত PFIক ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক মুখ্যমন্ত্ৰীৰ আদৰণি... 3

পিএফআইৰ উপৰিও আন সহযোগী সংগঠন ক্ৰমে ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন, কেম্পাছ ফ্ৰণ্ট অৱ ইণ্ডিয়া, অল ইণ্ডিয়া ইমাম কাউন্সিল, নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন, নেচনেল উইমেনফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন (কেৰালা)কো নিষিদ্ধ ঘোষণা কৰা হৈছে।

আজিৰে পৰা তৎকালীনভাৱে বলৱৎ হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই কঠোৰ পদক্ষেপক আদৰণি জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।