ভাৰতত ২৪ ঘণ্টাত প্ৰায় দুগুণ বৃদ্ধি অমিক্ৰন সংক্ৰমণ, চীনত লকডাউন ঘোষণা

নিউজ ডেস্ক। ২৪ ঘণ্টাৰ ভিতৰতে দেশত প্ৰায় দুগুণ বৃদ্ধি পালে অমিক্ৰন সংক্ৰমণ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে অমিক্ৰনত আক্ৰান্ত হৈছে ৩৫৮ জন লোক।

ভাৰতৰ ১৭ খন ৰাজ্যত ইতিমধ্যে বিয়পি পৰিছে কোভিডৰ এই নতুন ভেৰিয়েন্ট। কেইবাখনো ৰাজ্যত কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। দিল্লীত সকলো খ্ৰীষ্টমাছ আৰু বাৰ্ষিকী সমাৱেশ আৰু অনুষ্ঠান বাতিল কৰা হৈছে।

তদুপৰি, উত্তৰ প্ৰদেশ চৰকাৰেও নাইট কাৰফিউ জাৰি কৰে। ১৫ জানুৱাৰীলৈকে ৰাজ্যখনত বাহাল থাকিব নাইট কাৰফিউ।

ইফালে অমিক্ৰনৰ উৰ্ধমুখী সংখ্যাৰ মাজতে দেশত হ্ৰাস পাইছে দৈনিক কোৰোনা সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা মতে, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৬,৬৫০ জন। আনহাতে যোৱা এটা দিনত দেশত কোভিডৰ ফলত ৩৫৮ জন লোকৰ মৃত্যু ঘটে।

ভাৰতত দ্ৰুত গতিত বৃদ্ধি পোৱা অমিক্ৰন সংক্ৰমণক চিন্তাত পৰিছে কেন্দ্ৰীয় চৰকাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সামগ্ৰিক কোৰোনা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এক জৰুৰী বৈঠক অনুষ্ঠিত কৰে। তেওঁ চৰকাৰী বিষয়াসকলৰ পৰা দেশৰ অমিক্ৰন পৰিস্থিতিৰ বিষয়ে বুজ লয়।

আনফালে চীনত পুনৰ বৃদ্ধি পাইছে কোৰোনা সংক্ৰমণ। যাৰ ফলত চীনৰ জিয়ান চহৰত পুনৰ এবাৰ জাৰি কৰা হৈছে লকডাউন। চহৰখনৰ সীমা ইতিমধ্যে বন্ধ কৰা হৈছে। শীতকালীন অলিম্পিকৰ মাত্ৰ কেইসপ্তাহমান আগতে প্ৰশাসনৰ সিদ্ধান্তই আতংকৰ সৃষ্টি কৰিছে।

অমিক্ৰনৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি নেডাৰলেণ্ডেও ১৯ ডিচেম্বৰৰ পৰা ‘খ্ৰীষ্টমাছ লকডাউন’ ঘোষণা কৰিছে। লণ্ডনে পুনৰ অমিক্ৰন সংক্ৰমণৰ হাৰ বৃদ্ধিক “মুখ্য ঘটনা” আৰু “গুৰুতৰ উদ্বেগ” হিচাপে ঘোষণা কৰিছে। অন্যান্য ইউৰোপীয় দেশসমূহেও সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ খ্ৰীষ্টমাছ উদযাপনৰ সময়ত কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ গৈ আছে।

ইউৰোপীয় ইউনিয়নৰ মুৰব্বী উৰসুলা ভন ডেৰ লিয়ানে সতৰ্ক কৰি দিছে যে জানুৱাৰীৰ মাজভাগত ইউৰোপত ‘অমিক্ৰন’ বিপদজনক হ’ব পাৰে। সেয়েহে, নেডাৰলেণ্ড, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানীকে ধৰি ইউৰোপীয় দেশসমূহে বিপদাশংকা পৰিহাৰ কৰিবলৈ আৰু সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ খ্ৰীষ্টমাছ আৰু বছৰৰ শেষৰ উৎসৱৰ বতৰত কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ গৈ আছে।

Leave a Comment