ভাৰতত গ্ৰেপ্তাৰ চীনৰ মহিলা চোৰাংচোৱা! গোপনে বাহৰ পাতি কৰি আছিল চোৰাংচোৱাগিৰি…

নিউজ ডেস্কঃ বৌদ্ধ ধৰ্মগুৰু দালাই লামাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ ভাৰতত গোপনে বাহৰ পাতি থকা এগৰাকী চীনা চোৰাংচোৱা মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

নিৰ্দিষ্ট তথ্যৰ ভিত্তিত বিহাৰ আৰক্ষীয়ে অভিযান চলাই বিহাৰৰ গয়াৰ এটা অতিথিশালাৰ পৰা চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে চীনা মহিলাগৰাকীক।

জানিব পৰা মতে, গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চীনা চোৰাংচোৱা গৰাকীৰ স্কেচ্ছ প্ৰকাশ কৰি নাগৰিকক তেওঁৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছিল।

পিছত মহিলাগৰাকীৰ নাম ছং জিয়াওলান বুলি চিনাক্ত কৰে আৰক্ষীয়ে।

গয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰপ্ৰীত কৌৰে জনোৱা মতে, গয়াৰ মহাৰাণী ৰোডৰ এটা অতিথিশালাৰ পৰা বিদেশী নাগৰিকগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, বিহাৰৰ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া দালাই লামাৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ বিহাৰত বাহৰ পাতি আছিল মহিলাগৰাকীয়ে।

আৰক্ষীয়ে জনোৱা মতে, ২০১৯ চনৰ অক্টোবৰৰ পৰা ভাৰতত আছে এই মহিলাগৰাকী। ২০২০ চনৰ জানুৱাৰী মাহত চাৰি দিনৰ বাবে নেপাললৈ গৈছিল আৰু ভাৰতলৈ উভতি অহাৰ লগে লগে মেকলিয়ড গঞ্জত বাহৰ পাতিছিল।

ভিছাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত চীনা মহিলাগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত চীনলৈ বিতাড়িত কৰা হ’ব বুলি জানিবলৈ দিয়ে এছএছপি হৰপ্ৰীত কৌৰে।