ভাৰততাে চিনাক্ত ক’ভিডৰ নতুন ৰূপ অমিক্ৰনৰ দুজন ৰােগী, দেশজুৰি সতৰ্কতা

নিউজ ডেস্ক। বিশ্বত লাখ লাখ লােকৰ অকালতে প্ৰাণ কাঢ়ি নিয়া ক’ভিড-১৯ ভাইৰাছৰ নতুন ৰূপ অমিক্ৰনক লৈ সতৰ্কতা অৱলম্বন কৰিছে ভাৰতে।

ইয়াৰ মাজতে ভাৰততাে দুজনকৈ লােক এই নতুন ভাইৰাছ প্ৰজাতিৰ সংক্ৰমিত হােৱা বুলি নিশ্চিত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে নিশ্চিত কৰিছে যে কৰ্ণাটকত অমিক্ৰন ক’ভিড প্ৰকাৰৰ সংক্ৰমণৰ দুটা ঘটনা পােহৰলৈ আহিছে।

ইয়াৰে এজন ৰােগীৰ বয়স ৪৬ বছৰ আৰু আনজনৰ বিয়স ৬৬ বছৰ।

উল্লেখ্য যে যােৱা ২৪ নৱেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিডৰ এই নতুন প্ৰজাতিক “উদ্বেগৰ প্ৰকাৰ” হিচাপে চিহ্নিত কৰিছিল।

ভাৰতৰ দুজনকৈ লােক এই নতুন ভাইৰাছৰ সংক্ৰমিত হােৱা বুলি নিশ্চিত হােৱাৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অধিক সতৰ্কতা অৱলম্ভ কৰিবলৈ আৰু বিভিন্ন বিমানবন্দৰৰ জৰিয়তে দেশলৈ অহা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ পৰীক্ষা তথা কােৱাৰেন্টিন কৰাৰ পৰামৰ্শ দিছে।

Leave a Comment