অসম

ভাস্কৰৰ মহানুভৱতা! ভোট জলকীয়া বেচি বান সাহায্যৰ বাবে আগবঢ়ালে ৫১ হাজাৰ টকা…

এগৰাকী অসমীয়া যুৱ কৃষকৰ মহানুভৱতা, আগবঢ়ালে বান সাহায্য।

ভোট জলকীয়া বেচি পোৱা লাভৰ অংশ আগবঢ়ালে মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ।

যোৰহাট জিলাৰ টীয়ক হাঁহচৰাৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই উৎপাদন কৰা ভোট জলকীয়া বিক্ৰী কৰি পোৱা লাভৰ এক অংশ মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ দান কৰে।

বান সাহায্য হিচাপে ৫১ হাজাৰ টকাৰ চেক মুখ্যমন্ত্ৰীৰ হাত ত প্ৰদান কৰে যুৱ কৃষক ভাস্কৰে।

উল্লেখ্য যে ভোট জলকীয়া খেতিৰপৰা চলিত বৰ্ষত ভাস্কৰে প্ৰায় ১৫ লাখ টকা আয় কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

image 6

যুৱ কৃষকগৰাকীয়ে যোৱা কেইবছৰমানৰপৰা টীয়কৰ কলীয়াপানীত থকা আউনীআটী শাখা সত্ৰৰ প্ৰাংগনত বৈজ্ঞানিক পদ্ধতিৰে ভোট জলকীয়াৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনকো সংস্থাপন দিছে।

ক’ভিডৰ বাবে যোৱা দুটা বছৰ কিছু লোকচানৰ সন্মুখীন হৈছিল যদিও এইবাৰ লাভৰ মুখ দেখিবলৈ সক্ষম হোৱাত বনাক্ৰান্ত ৰাইজক সহায় কৰাৰ উদ্দেশ্যৰে সাধ্য অনুসৰি এই অৰিহণা আগবঢ়াই যুৱ কৃষক ভাস্কৰে।

বানত ককবকাই থকা ৰাইজলৈ যুৱ কৃষকগৰাকীয়ে আগবঢ়োৱা এই সহায়ৰ বাবে এতিয়া সকলোৱে শলাগ লৈছে।

Related Articles

Back to top button