ভাল লগা দৃশ্য! এটা চকলেটক দুভাগ কৰি খালে ভিন্ন ধৰ্মৰ দুজন অসমীয়াই…

সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিলে পবিত্ৰ ঈদ।
প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক যাচিলে ঈদৰ শুভেচ্ছা।
বিগত দুটা বছৰ ধৰি কোভিডসৃষ্ট পৰিৱেশৰ বাবে ইছলামধৰ্মী লোকসকলে মুকলিকৈ ঈদ পালন তথা ঈদৰ নামাজ পঢ়িব পৰা নাছিল।
দুটা বছৰৰ অন্তত এইবাৰ ক’ভিডৰ বাধা–নিষেধ নাইকীয়া হোৱাত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎফুল্লিত মনেৰে পালন কৰে পবিত্ৰ ঈদ-উল-ফিতৰ।
ঈদ উপলক্ষে ৰাজ্যজুৰি আনন্দ উল্লাসৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটি বিশেষ ভিডিঅ’।
ঈদ উপলক্ষে মুছলমান সকলে ঈদৰ মিঠাই বিলালে ৰাজপথত।
‘বৰদেউতা’ সম্বোধনেৰে মুছলমান যুৱকে মিঠাই খোৱালে হিন্দু সম্প্ৰদায়ৰ জ্যেষ্ঠ ব্যক্তিক।
ভিন্ন ধৰ্মৰ দুজন অসমীয়াই এটা চকলেটক দুভাগ কৰি খোৱা দৃশ্যই সকলোকে গৰ্বিত কৰিছে এজন অসমীয়া হিচাপে।
যেন ভিডিঅ’টোৰ মাজতে বহুতেই বিচাৰি পাইছে সকলোৱে বিচৰা অসমখন!
সাতামপুৰুষীয়া একতাৰ এনাজৰীডাল এতিয়াও যে শিথিল হোৱা নাই তাকেই প্ৰমাণ কৰিলে এই দৃশ্যই।
যি সময়ত হিন্দু-মুছলমানৰ মাজত বিভিন্ন সময়ত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাতাবৰণে গা কৰি উঠিছে তেনে সময়তে এই দৃশ্যই সমাজত ঐক্য-শান্তি আৰু ভাতৃত্ববোধৰ এক বাৰ্তা প্ৰেৰণ কৰিছে।