ভাল খবৰ! WWF Pro-AM Universe Championshipত সোণৰ পদক অৰ্জন অসম সন্তান কুশল কলিতাৰ

নিউজ ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এবাৰ অসম তথা ভাৰতক উজ্বলাই তুলিবলৈ সক্ষম হ’ল বডি বিল্ডাৰ কুশল কলিতাই।

সদ্য অনুষ্ঠিত ডব্লিউ ডব্লিউ এফ প্ৰ’- এএম ইউনিভাৰ্ছ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি পুৰুষৰ বডি বিল্ডিঙত সোণৰ পদক লাভ কৰে অসম সন্তান কুশল কলিতাই।

photo1658832667
ভাল খবৰ! WWF Pro-AM Universe Championshipত সোণৰ পদক অৰ্জন অসম সন্তান কুশল কলিতাৰ 3

যোৱা ১৬ জুলাইত থাইেলণ্ডত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কুশল কলিতাৰ সাফল্যই গৌৰৱাম্বিত কৰিছে অসমৰ লগতে সমগ্ৰ ভাৰতবাসীক।

photo1658832693
ভাল খবৰ! WWF Pro-AM Universe Championshipত সোণৰ পদক অৰ্জন অসম সন্তান কুশল কলিতাৰ 4

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহু ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বডি বিল্ডিং প্ৰতিযোগিতাত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে কুশল কলিতাই।

তেওঁ ২০২১ চনত কামৰূপ অভাৰঅল চেম্পিনয়ত পদক অৰ্জন কৰাৰ লগতে একে বছৰতে অনুষ্ঠিত হোৱা আছাম অভাৰঅল চেম্পিয়নতো পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

সমান্তৰালভালে ২০২২ চনত অনুষ্ঠিত হোৱা গুৱাহাটী অভাৰঅল চেম্পিয়নতো সফলতা লাভ কৰিছিল অসমৰ সুযোগ্য সন্তান কুশল কলিতাই।