ভাল খবৰ! QS বৈশ্বিক বিশ্ববিদ্যালয়ৰ তালিকাত IIT গুৱাহাটী ১১ স্থান উন্নীত

নিউজ ডেস্কঃ শৈক্ষিক ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰি কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙ, ২০২৩ত ১১টা স্থান উন্নীত কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) গুৱাহাটীয়ে। এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে প্ৰতিষ্ঠানখনে।
প্ৰতিষ্ঠানখনে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয়, ”আই আই টি গুৱাহাটীয়ে সামগ্ৰিক ৰেংকিঙত বিশ্বৰ ৩৮৪ নম্বৰ আৰু প্ৰতি অনুষদত উদ্ধৃতি প্ৰদানৰ ক্ষেত্ৰত ৩৭ নম্বৰ বিশ্ব ৰেংক লাভ কৰিছে। ৮ জুন, ২০২২ত এই কথা প্ৰকাশ কৰা হৈছে।’’

প্ৰেছ বিজ্ঞপ্তিখনত লগতে উল্লেখ কৰা হৈছে যে, ২০১৪ চনৰ পৰা আই আই টি গুৱাহাটীয়ে কমেও ২১৭ স্থানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৩ চনৰ সংস্কৰণত প্ৰতিষ্ঠানটোৱে QS বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত শীৰ্ষ ২৭ শতাংশৰ ভিতৰত প্ৰদৰ্শন কৰিছে।
প্ৰদৰ্শনৰ বিষয়ে উল্লেখ কৰি আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰামে কয় যে আই আই টি গুৱাহাটীৰ বাবে কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত উচ্চ ৰেংকিঙে প্ৰতিষ্ঠানখনৰ উৎকৃষ্ট শিক্ষা আৰু শীৰ্ষ মানৰ গৱেষণাৰ প্ৰমাণ দি গৌৰৱাম্বিত কৰিছে।
বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ মাজত সমীক্ষা, ভাৰতৰ বহুকেইখন প্ৰতিষ্ঠানৰ স্থান লাভ। QS বিশ্ব ৰেংকিঙত ৩৮৪ নম্বৰ স্থানত IIT Guwahati।#pratidintime #assamnews #assam #iitguwahati pic.twitter.com/FNG3PpskB1
— Pratidin Time (@pratidintime) June 9, 2022
টিজি সীতাৰামে কয়, ‘এই কৃতিত্বহ বিশ্বব্যাপী ৰেংকিঙত আমাৰ অবিৰত সফলতাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি উচ্চমানৰ গৱেষণাত মনোনিৱেশ কৰি যাম আৰু বিশ্বব্যাপী ৰেংকিঙত ওপৰলৈ উঠিবলৈ অবিৰত অগ্ৰগতি লাভ কৰিম।”
উল্লেখ্য যে, ২০০৪ চনৰ পৰা প্ৰকাশ কৰি অহা QS বিশ্ব বিশ্ববিদ্যালয় ৰেংকিং বিচাৰ কৰিবলৈ শৈক্ষিক সুনাম, নিয়োগকৰ্তাৰ সুনাম, অধ্যাপক-ছাত্ৰ অনুপাত, প্ৰতিজন অনুষদৰ উদ্ধৃতি, আন্তঃৰাষ্ট্ৰীয় অধ্যাপক অনুপাত, আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ অনুপাত, নিয়োগৰ ফলাফলকে ধৰি কেইবাটাও পৰিমাপ বিবেচনা কৰা হয়।