ভাল খবৰ! IB ৰ নতুন মুৰব্বী অসম সন্তান IPS তপন কুমাৰ ডেকা

নিউজ ডেস্ক। অসম তথা উত্তৰপূব বাসীৰ বাবে এক ভাল খবৰ।

প্ৰথম বাৰলৈ ভাৰত চৰকাৰৰ শীৰ্ষ চােৰাংচােৱা সংস্থা ইন্টেলিজিঞ্চ ব্যুৰ’ চমুকৈ IB ৰ শীৰ্ষ পদত অধিষ্ঠিত হ’ল এগৰাকী অসম সন্তান।

১৯৮৮ বেটচৰ হিমাচল প্ৰদেশ কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱা (IPS) ৰ বিষয়া বিষয়া তপন কুমাৰ ডেকাক IB ৰ সঞ্চালক পদত নিযুক্তি।

G2 15
ভাল খবৰ! IB ৰ নতুন মুৰব্বী অসম সন্তান IPS তপন কুমাৰ ডেকা 3

উল্লেখ্য যে বৰপেটাত জন্ম লাভ কৰা তপন কুমাৰ ডেকাৰ স্কুলীয়া শিক্ষা তেজপুৰত হৈছিল।

তেওঁ দুবছৰৰ বাবে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীৰ দায়িত্ব পালন কৰিব।

২০২৩ চনত অৱসৰ ল’বলগীয়া দক্ষ আই পি এছ বিষয়া ডেকাৰ চাকৰিৰ কাৰ্যকাল এবছৰৰ বাবে বৃদ্ধি কৰিছে কেন্দ্ৰই।

IB ৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা প্ৰথম গৰাকী অসমীয়া তপন কুমাৰ ডেকা (৫৮)।

কেৱল অসমেই নহয়, উত্তৰ পূবৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিব।

কেন্দ্ৰীয় কেবিনেটৰ নিযুক্তি সমিতিয়ে তেওঁক এই নিযুক্তি প্ৰদান কৰে। আই বিৰ বৰ্তমানৰ সঞ্চালক অৰবিন্দ কুমাৰ ৩০ জুনত অৱসৰ গ্ৰহণ কৰিব। অহা ১ জুলাইৰ পৰা এই পদত যােগদান কৰিব তপন কুমাৰ ডেকাই।

শুকুৰবাৰে এই সন্দৰ্ভত বিভাগীয় নিৰ্দেশনা জাৰি কৰা হয়। ডেকাই পহিলা জুলাইত নতুন সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব।

উল্লেখ্য যে শেহতীয়াকৈ তেওঁ IB ৰ বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি জম্মু-কাশ্মীৰৰ চলি থকা উগ্ৰপন্থী বিৰােধী অভিযানৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

p1 8
ভাল খবৰ! IB ৰ নতুন মুৰব্বী অসম সন্তান IPS তপন কুমাৰ ডেকা 4

আই বিৰ সন্ত্ৰাসবাদ বিৰোধী শাখাৰ নেতৃত্ব দিয়াৰ উপৰি ৱাশ্বিংটনত থকা ভাৰতৰ দূতাবাসতাে কাৰ্যনিৰ্বাহ কৰিছিল।

ভাৰত চৰকাৰৰ নিৰাপত্তা উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া অজিত ডােভালৰ সৈতে তেওঁৰ বিশেষ বন্ধুত্ব।

উল্লেখ্য, ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ অত্যন্ত ঘনিষ্ট হিচাপে পৰিচিত তপন ডেকাই ১৯৯৮ চনৰে পৰা আই বিতে কৰ্মৰত হৈ আছে।

১৯৬৩ চনৰ ২৫ ফেব্ৰুৱাৰীত জন্ম লাভ কৰা তপন ডেকাই পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত ইউ পি এছ চি পৰীক্ষাত প্রথম প্রচেষ্টাতে আই পি এছ বাচনি লাভ কৰিছিল।

ছাত্ৰ জীৱনত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত তপন ডেকাই তিনিবাৰকৈ ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে।