নিউজ ডেস্কঃ ভাৰতীয় ৰে’লৱেয়ে ৰে’ল যাত্ৰীসকলক বিনামূলীয়া বিভিন্ন সেৱা প্ৰদান কৰি আহিছে।
কিন্তু সাধাৰণ যাত্ৰীয়ে এই সেৱা সমূহৰ বিষয়ে জ্ঞাত নোহোৱাৰ বাবেই তাৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰে।
ভাৰতীয় ৰে’লৱেয়ে যাত্ৰীক প্ৰদান কৰা তেনে এক সেৱাই হৈছে বিনামূলীয়া খাদ্য?
ৰে’লৱে আৰু আই আৰ চি টি চিয়ে যাত্ৰীসকলক প্ৰদান কৰি আহিছে বিনামূলীয়া খাদ্য। কিন্তু বহু যাত্ৰীয়ে এই সেৱাৰ বিষয়ে নজনাৰ বাবে তাৰ সুবিধা গ্ৰহণ নকৰে।
দৰাচলতে যদি ৰে’ল নিৰ্ধাৰিত সময়তকৈ পলমকৈ যাত্ৰা কৰে, তেতিয়া যাত্ৰীসকলক আই আৰ চি টি চিৰ তৰফৰ পৰা বিনামূলীয়াকৈ খাদ্য আৰু শীতল পানীয় যোগান ধৰা হয়।
ভাৰতীয় ৰে’লৱেৰ নিয়ম অনুসৰি, ৰে’ল যাত্ৰা পলম হ’লে আই আৰ চি টি চিৰ কেটাৰিং নীতিৰ অধীনত যাত্ৰীসকলক ব্ৰেকফাষ্ট আৰু লঘু আহাৰ যোগান ধৰা হয়।
কিন্তু ৰে’ল যাত্ৰা ২ ঘণ্টাতকৈ অধিক পলম হ’লেহে এই বিনামূলীয়া সেৱা লাভ কৰিব পাৰে যাত্ৰীয়ে।
এক্সপ্ৰেছ ট্ৰেইনৰ যাত্ৰীসকলে ৰে’ল ২ ঘণ্টাতকৈ অধিক পলম হ’লে বিনামূলীয়া খাদ্যৰ দাবী কৰিব পাৰে।
এই বিনামূলীয়া খাদ্যত যাত্ৰীসকলে ব্ৰেকফাষ্টত চাহ-কফি আৰু বিস্কুট লাভ কৰে। সেইদৰে সন্ধিয়া লাভ কৰে চাহ বা কফি আৰু চাৰিখন ব্ৰেড।
ইয়াৰ উপৰিও যাত্ৰীসকলে দুপৰীয়া বিনামূলীয়াকৈ ৰুটি, ডাইল আৰু তৰকাৰী আদি লাভ কৰে।