ভাল খবৰ! ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেণ্টচ্ এণ্ড টিচাৰ্চ আৰ্ট সমাৰোহত সোণৰ পদক লাভ অসমৰ তিস্তাৰ…

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম কন্যা।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেণ্টচ্ এণ্ড টিচাৰ্চ আৰ্ট সমাৰোহত সোণৰ পদক লাভ অসম কন্যাৰ।
৫ম সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টুডেণ্টচ্ এণ্ড টিচাৰ্চ আৰ্ট ২০২২ত ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ আমোলাপট্টিৰ তিস্তা কলিতাই।
তিস্তা কলিতা নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰী।
কেন্দ্ৰীয় বিদ্যালয় নগাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰী তিস্তা কলিতা নগাঁও আমোলাপট্টিৰ বিপুল কলিতা আৰু নিলাক্ষী কলিতাৰ কন্যা।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবছৰে বাংগালোৰৰ ললিত কলা চেণ্টাৰ ফৰ ভিজুৱেল আৰ্টে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰে।
এইবাৰো আয়োজন কৰা প্ৰতিযোগিতাত তামিলনাডু, অসম, ত্ৰিপুৰা, মণিপুৰ, নতুন দিল্লী আদিৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল।
অসমৰ পৰা তিস্তা কলিতাই অংশগ্ৰহণ কৰি ৭ ডিচেম্বৰত এই পদক আজুৰি আনিবলৈ সক্ষম হয়।