নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।
ৰাজ্যৰ নিবনুৱা সকলক আত্ম সংস্থাপনৰ বাবে দিয়া হ’ব ২ লাখকৈ টকা।
তিনিটা কিস্তিত নিবনুৱা যুৱক-যুৱতীক এই ধন প্ৰদান কৰিব চৰকাৰে।
ৰঙিয়াত অনুষ্ঠিত ‘বিকাশৰ এদিন’ কাৰ্যসূচীত অংশ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে, বেংকৰ গেৰাণ্টি নোহোৱাকৈ ২ লাখ যুৱক-যুৱতীৰ একাউণ্টত সোমাব ২ লাখকৈ টকা।
আবেদনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে মে’ মাহৰ ভিতৰত চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ১ লাখ চাকৰি সম্পূৰ্ণ কৰিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।