ভাল খবৰ! ২০২১ বৰ্ষত ভাৰতৰ জিডিপিলৈ ১০ হাজাৰ কোটিৰো অধিক টকাৰ অৰিহণা ইউটিউব ক্ৰিয়েটৰৰ…

নিউজ ডেস্কঃ দেশৰ অৰ্থনীতিলৈ উল্লেখ্যযোগ্য অৰিহণা আগবঢ়াইছে অন্যতম জনপ্ৰিয় সামাজিক মাধ্যম ইউটিউবে।

এই তথ্য সদৰী কৰিছে খোদ ইউটিউবে।

গুগলৰ মালিকানাধীন কোম্পানীটোৱে শেহতীয়াকৈ প্ৰকাশ কৰা মতে, ২০২১ বৰ্ষত ইউটিউব ক্ৰিয়েটৰে ভাৰতীয় জিডিপিত ১০ হাজাৰ কোটি টকাৰো অধিক অৰিহণা আৰু ৭ লাখ ৫০ হাজাৰতকৈও অধিক পূৰ্ণকালীন চাকৰিৰ সমান মুনাফা প্ৰদান কৰিছে।

ইউটিউবৰ দক্ষিণ-পূব এছিয়া আৰু এপিএচি ইমাৰ্জিং মাৰ্কেটছৰ সঞ্চালক অজয় বিদ্যাসাগৰে কয় যে ইউটিউবৰ সৃষ্টিশীল পৰিৱেশ তন্ত্ৰই ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিক শক্তি প্ৰদান কৰি আহিছে।

তেওঁ লগতে সমগ্ৰ দেশত কেইবা লক্ষাধিক সংস্থাপনৰ বাট প্ৰদৰ্শন কৰি আনন্দিত হোৱা বুলিও মন্তব্য কৰে।

ইউটিউবৰ শেহতীয়া অক্সফৰ্ড ইকনমিক্সৰ অধ্যয়নৰ তথ্য অনুসৰি আজি সমগ্ৰ বিশ্বতে ভাৰতৰ ইউটিউব ক্ৰিয়েটৰৰ দ্বাৰা চালিত কন্টেন্ট কোটি কোটি লোকে গ্ৰহণ কৰে।

ইয়াৰ ফলত ক্ৰিয়েটৰসকলে মনিটাইজৰ জৰিয়তে উপাৰ্জনৰ নতুন বাট মুকলি কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত বহুতে নিজৰ আবেগক বহনক্ষম কেৰিয়াৰলৈ ৰূপান্তৰিত কৰিব পাৰিছে।

ইউটিউবৰ ভাৰতৰ সঞ্চালক ঈশান জন চেটাৰ্জীয়ে কয়, ”আমি এনেধৰণৰ বিনিয়োগ অব্যাহত ৰাখিছো যাতে আমাৰ দৰ্শকে মূল্যৱান দক্ষতা শিকিব পাৰে আৰু জ্ঞানৰ সুবিধা লাভ কৰিব পাৰে, যিয়ে তেওঁলোকক তেওঁলোকৰ সম্ভাৱনাক সাধন কৰাত আৰু তেওঁলোকৰ সপোন অনুসৰণ কৰাত সহায় কৰে।’’

কোম্পানীটোৱে কয় যে বহুভাষিক বিষয়বস্তু সৃষ্টিৰ ক্ষেত্ৰত পৰিসৰ আৰু দক্ষতা অৰ্জন কৰিবলৈ অংশীদাৰসকলকো সহায় কৰিব।

অহা বছৰ ভাৰতৰ যোগ্য ক্ৰিয়েটৰসকলে ভিউৱাৰ্ছৰ বাবে গভীৰ, গাঁথনিগত শিক্ষণ অভিজ্ঞতা প্ৰদান কৰিবলৈ বিনামূলীয়া বা পেইড পাঠ্যক্ৰম আগবঢ়াবলৈ আৰম্ভ কৰিব পাৰিব।

পাঠ্যক্ৰমসমূহে ভিউৱাৰ্ছৰ বাবে চহকী শিক্ষণ অভিজ্ঞতাক সমৰ্থন কৰাই নহয়, ক্ৰিয়েটৰ সকলক এক নতুন মনিটাইজৰ বিকল্পও প্ৰদান কৰিব।

ইউটিউবে জনোৱা মতে, লাৰ্নোহাব, স্পিক ইংলিছ উইথ ঐশ্বৰ্য, আৰু টেলুস্কো আদিয়ে বিটা পৰ্যায়ত বিভিন্ন ভাৰতীয় ভাষাত শৈক্ষিক আৰু বৃত্তিমূলক বিষয়সমূহৰ মাজেৰে পাঠ্যক্ৰম প্ৰস্তুত কৰিব।