ভাল খবৰ! হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য…

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়তে সাধাৰণ জনতাৰ বাবে ভাল খবৰ।

হ্ৰাস পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য।

প্ৰতিটো এলপিজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০০ টকাকৈ হ্ৰাস কৰা হৈছে।

 ১ ছেপ্টেম্বৰ ৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ।

আনহাতে ঘৰুৱা এলপিজি ১৪.২ কিলোগ্ৰাম পূৰ্বৰ দামতে বিক্ৰী অব্যাহত থাকিব।

১ ছেপ্টেম্বৰৰ পৰা দিল্লীত ইণ্ডিয়ানৰ ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা, কলকাতাত ১০০ টকা, মুম্বাইত ৯২.৫০ টকা, চেন্নাইত ৯৬ টকালৈ হ্ৰাস পাইছে।

উল্লেখ্য যে, ঘৰুৱা ছিলিণ্ডাৰৰ ক্ষেত্ৰত মূল্যৰ কোনো হ্ৰাস বৃদ্ধি হোৱা নাই।

৬ জুলাইৰ পৰা এটা দামতে বিক্ৰী হৈ আছে ঘৰুৱা ছিলিণ্ডাৰৰ মূল্য।