ভাল খবৰ! হস্ত তাঁত শিল্পী হেমপ্ৰভা চুতীয়াসহ অসমৰ তিনিগৰাকীলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান…

ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ পদ্ম সন্মান।

 দেশৰ মুঠ ১০৬ গৰাকী বিশিষ্ট ব্যক্তিৰ বাবে ঘোষাণা কৰা হয় এই বঁটা।

ইয়াৰে ৬ গৰাকীলৈ পদ্মবিভূষণ, ৯ গৰাকীলৈ পদ্মভূষণ আৰু ৯১ গৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী বঁটা।

ইয়াৰ মাজতে আছে অসমৰ ৩ গৰাকী বিশিষ্ট ব্যক্তিৰ নাম। অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান।

তেওঁলোক ক্ৰমে- ৰামকুইৱাংবে জেনে। ডিমা হাছাওৰ এগৰাকী নাগা সমাজকৰ্মী। হেৰেকা সম্প্রদায় সংৰক্ষণৰ বাবে এই সন্মান।

image 76
ভাল খবৰ! হস্ত তাঁত শিল্পী হেমপ্ৰভা চুতীয়াসহ অসমৰ তিনিগৰাকীলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান... 4

মুখাশিল্পী হেম চন্দ্র গোস্বামীলৈ পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে।

image 75
ভাল খবৰ! হস্ত তাঁত শিল্পী হেমপ্ৰভা চুতীয়াসহ অসমৰ তিনিগৰাকীলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান... 5

আনহাতে শিপিনী হেমপ্রভা চুতীয়ালৈও আগবঢ়োৱা হৈছে পদ্মশ্রী সন্মান

মৰাণৰ বিশিষ্ট হস্ত তাঁত শিল্পী হেমপ্ৰভা চুতীয়ালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।

image 77
ভাল খবৰ! হস্ত তাঁত শিল্পী হেমপ্ৰভা চুতীয়াসহ অসমৰ তিনিগৰাকীলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান... 6

হেমপ্ৰভা চুতীয়াই তাঁতশালত বৈ উলিয়াইছিল গুণমালা, নামঘোষা আৰু শ্ৰীমদ্ভাগৱত গীতা।