ভাল খবৰ! শীঘ্ৰেই অসমৰ ৰাজপথত চলিব ১০০ খন নতুন অত্যাধুনিক বিদ্যুৎচালিত বাছ…

ৰাজ্যৰ পৰিবহন বিভাগত আন এক নতুন সংযোজন।

অসম চৰকাৰে ক্ৰয় কৰিবলৈ ওলাইছে ১০০ খন অত্যাধুনিক ইলেক্ট্ৰিক বাছ।

শীঘ্ৰেই অসমৰ ৰাজপথত চলিব ১০০ খন নতুন অত্যাধুনিক বিদ্যুৎচালিত বাছ।

অসম চৰকাৰৰ সৈতে হোৱা এক চুক্তি অনুসৰি অলেক্ট্ৰা গ্ৰীণটেক লিমিটেড কোম্পানীয়ে অসম ৰাজ্যিক পৰিবহণ নিগমক ১০০ খন বাছ যোগান ধৰিবলৈ গৈ আছে।

জানিব পৰা মতে, অলেক্ট্ৰা গ্ৰীণটেক লিমিটেড (অলেক্ট্ৰা)য়ে ১০০খন ইলেক্ট্ৰিক বাছ যোগান ধৰিবলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰা পত্ৰ লাভ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা লাভ কৰা এয়া প্ৰথমটো অৰ্ডাৰ।

সেই অনুসৰি,  ৯ মাহৰ ভিতৰত অসমে এই বাছসমূহ লাভ কৰিব আৰু অহা ৫ বছৰলৈ এই বাছসমূহৰ মেৰামতিৰ দায়িত্ব কোম্পানীটোৰ ওপৰত থাকিব।

এই ১০০খন বাছৰ আনুমানিক ব্যয় হ’ব ১৫১ কোটি টকা।