ভাল খবৰ! বিশিষ্ট কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বটাঁ…

বিশিষ্ট কবি নীলমণি ফুকনলৈ জ্ঞানপীঠ বটাঁ।

অসমৰ তৃতীয় গৰাকী বৰেণ্য সাহিত্যিকলৈ জ্ঞানপীঠ সন্মান।

জীৱনজোৰা সাধনাৰ বাবে এই বটাঁ আগবঢ়োৱা হৈছে কবি গৰাকীলৈ।

Poet-Nilmani-Phookan-has-been-conferred-with-the-prestigious-Jnanpith-Award-He-became-the-third-pers

তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাই।

তেখেতৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’।

তেওঁৰ অন্যতম সৃষ্টিৰাজি নিৰ্জনতাৰ শব্দ, গোলাপী জামুৰ লগ্ন, নিৰ্জনতাৰ শব্দ, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে ইত্যাদি।

ইয়াৰ পূৰ্বে সাহিত্যিক গৰাকীয়ে সাহিত্য অকাডেমী বটাঁ, পদ্মশ্ৰী আদি বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল।

Poet-Nilmani-Phookan-has-been-conferred-with-the-prestigious-Jnanpith-Award-He-became-the-third-pers

ফুকনৰ জন্ম হয় অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত।

তেওঁ ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে।

১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি ফুকনলৈ শুভকামনা যাচিছে।

তেওঁ টুইটত লিখিছে, ‘কাব্যঋষি শ্ৰদ্ধাৰ নীলমণি ফুকনদেৱে জ্ঞানপীঠ বঁটা লাভ কৰাত গৌৰৱ অনুভৱ কৰিছোঁ৷ অধ্যাপনা, কবিতা, শিল্পকলা, সমালোচনা আদি সকলো দিশতে সমানে ব্যুৎপত্তি আৰু পাৰদৰ্শিতাৰে তেখেতে চহকী কৰিছে অসমৰ বৌদ্ধিক ক্ষেত্ৰখনক৷ কবি ফুকনদেৱলৈ অযুত অভিনন্দন৷ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷

Leave a Comment