আন্তঃৰাষ্ট্ৰীয়অসমঅসমীয়া
ভাল খবৰ! বাৰ্মিংহামত ভাৰতৰ চতুৰ্থটাে সােণৰ পদক জয়, অসমবাসীক গৌৰৱান্বিত কৰিলে নয়নমণি শইকীয়াই

নিউজ ডেস্ক। ইতিহাস ৰচনা কৰি বাৰ্মিংহামত ল’ন বলত স্বৰ্ণ জয় কৰিলে ভাৰতীয় দলে।
কমনৱেলথ গেমছত লন বলত ভাৰতে দক্ষিণ আফ্ৰিকাক ১৭-১০ গ’লত পৰাস্ত কৰি এই পদক জয় কৰিবলৈ সক্ষম হয়।
HISTORY MADE! IT IS GOLD FOR INDIA! 🥇
— Sportskeeda (@Sportskeeda) August 2, 2022
India beat South Africa 17-10 in Lawn Bowls – Women’s Fours – Final to win India’s first ever Gold Medal or medal of any colour in Lawn Bowls at the Commonwealth Games! 🇮🇳🇮🇳🇮🇳#CWG2022 #B2022 pic.twitter.com/Xo4RLREkVW
উল্লেখ্য যে ভাৰতৰ এই দলটােত আছে অসমৰ নয়নমণি শইকীয়াও।
বাৰ্মিংহামত স্বৰ্ণ জয়ৰ খবৰে নয়নমণি শইকীয়াৰ ওপজা গাওঁখনৰ লগতে সমগ্ৰ ৰাজ্যতে আনন্দৰ বন্যা বােৱাইছে।
নয়নমণিৰ উপৰি এই দলটােত আছে লাভলী চৌবে, পিংকি সিঙ আৰু ৰূপা ৰাণী তিৰ্কী।
উল্লেখ্য যে নয়নমণি শইকীয়া সৰুপথাৰৰ জীয়ৰী।
সৰুপথাৰৰ টেঙাবাৰী গাঁৱৰ জীয়ৰী আৰু টেঙাহােলা গাঁৱৰ বােৱাৰী।