fbpx
অসমীয়াঅসম

ভাল খবৰ! প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে’লৱেত সংযোজন ঘটিল তৃতীয় লিংগৰ, গুৱাহাটী ৰে’ল ষ্টেচনত মুকলি প্ৰথমখন তৃতীয় লিংগৰ চাহৰ বিপণী…

নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে গুৱাহাটী ৰে’ল ষ্টেচনত মুকলি কৰা হ’ল তৃতীয় লিংগৰ প্ৰথমখন টি ষ্টল।

‘ট্ৰেন্স টি ষ্টল’ নামৰে শুকুৰবাৰে গুৱাহাটী ৰে’লৱে ষ্টেছনত এনএফআৰৰ উদ্যোগত আৰু সদৌ অসম হিজৰা সন্থাৰ সক্ৰিয় সহযোগত স্থাপন কৰা হয় চাহৰ বিপনীখন।

উল্লেখ্য যে, ভাৰতীয় ৰে’লৱেত প্ৰথমবাৰৰ বাবে সংযোজন ঘটা এই চাহৰ বিপনী সম্পূৰ্ণৰূপে পৰিচালিত হ’ব তৃতীয় লিংগৰ জৰিয়তে।

অসমৰ হিজৰা কল্যাণ ব’ৰ্ডৰ সহযোগী উপাধ্যক্ষ স্বাতী বিধান বৰুৱাৰ উপস্থিতিত এন এফ ৰে’লৱেৰ মেনেজাৰ অংশুল গুপ্তাই ৰে’ল ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্মত চাহ ষ্টলটো উদ্বোধন কৰে।

উল্লেখযোগ্য যে কেন্দ্ৰই তৃতীয় লিংগৰ বাবে “জীৱিকা আৰু উদ্যোগৰ বাবে প্ৰান্তীয় ব্যক্তিৰ বাবে সমৰ্থন” নামৰ এক বিস্তৃত আঁচনি অনুমোদন জনাইছিল য’ত তৃতীয় লিংগৰ কল্যাণৰ বাবে ব্যাপক পুনৰ্বাসনৰ বাবে এক উপ-আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে।

Related Articles

Back to top button